তেজপুৰৰ এটিএমত পোষ্টাৰঃআদানীয়ে সকলো টকা লৈ গ’ল!

0 0
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৯ফেব্ৰুৱাৰীঃ “এটিএমত টকা নাই,আদানীয়ে সকলো টকা লৈ গ’ল”! আজি তেজপুৰৰ এটিএমত এনেদৰে কোনো অজ্ঞাতলোকে আঁৰি দিয়া পোষ্টাৰক কেন্দ্ৰকৰি ব্যাপক চৰ্চা চলিছে চহৰখনত৷উল্লেখযোগ্য যে,চহৰখনৰ আদালত চাৰিআলিত থকা ষ্টেটবেংকৰ এটিএমত এনেদৰে এখন পোষ্টাৰ মাৰি থোৱা দেখিবলৈ পায় বহুসংখ্যক লোকে৷পাছত এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে এই পোষ্টাৰ ফালি আতৰাই নিয়ে৷এই পোষ্টাৰ সমূহ কোনে আৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই য’দিও শেহতীয়াকৈ বৃহৎ পুঁজিপতি আদানীয়ে ষ্টেটবেংক আৰু এল আইচিৰ পৰা বৃহৎ পৰিমানৰ ঋণ লাভকৰা বিষয়টোৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াৰ পৰিণতিতে এনেদৰে পোষ্টাৰ মৰা বুলি তেজপুৰত ৰাইজৰ মাজত চৰ্চিত হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.