তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি স্পেইনৰ যুৱকে

0 473
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ অক্টোবৰঃ যুদ্ধ কেতিয়াও কাম্য নহয়। যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে, বৰ্তমান সময়ত ইউৰোপৰ দুখন দেশৰ ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত চলি থকা যুদ্ধৰ বাবে দয়োখন দেশৰ ৰাষ্ট্ৰপতিক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই এই মন্তব্য কৰে এগৰাকী স্পেইনৰ Pedro নামৰ নৱ প্ৰজন্মৰ যুৱকৰ। আনহাতে জাপানৰ Iroha নামৰ যুৱতী গৰাকীয়ে কয় মই প্ৰথমবাৰৰ বাবে ভাৰতত আহিছো আৰু ইয়াত ইজনে সিজনৰ লগত সম্পৰ্কৰ সমিলমিল দেখি আপ্লুত হৈছোঁ, কিন্তু যুদ্ধ কাৰো বাবে সমাধান নহয় বুলি তেওঁ মন্তব্য কৰে। আনহাতে ব্ৰাজিলৰ যুৱতী Juliya ই অসমৰ সংস্কৃতিৰ ওপৰত অভিভূত হয়। আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত পৰিদৰ্শন কৰি তেওঁ কয় ভাৰতবৰ্ষ সংস্কৃতিৰ ক্ষেত্ৰত বহু চহকী আৰু সমৃদ্ধিশালী দেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ঐক্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত উন্নত। বৃহত্তৰ ৰ’তাৰী ইন্টাৰণেশ্বনেৰ যুৱ সমন্বয়ৰ অধীনত অসমত প্ৰৱেশ কৰি গুৱাহাটী, মাজুলী, তেজপুৰ আৰু মেঘালয় ভ্ৰমণ কৰি বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰে। ছয় খন দেশৰ ভিতৰত ফ্ৰাঞ্চ, জাৰ্মানী, ইটালী,জাপান, স্পেইন আৰু ব্ৰাজিলৰ মুঠ ১২ গৰাকী যুৱক আৰু যুৱতীয়ে এই ভ্ৰমণৰ অংশগ্ৰহণ কৰে। আজি মাজুলীৰ পৰা আহি তেজপুৰত উপস্থিত হৈ প্ৰথমে মহাভৈৰব মন্দিৰত পূজা অৰ্চনা কৰে। ৰ’তাৰী ইণ্টাৰনেচনেলৰ পুনেৰ সঞ্চালক Shobhanahar ৰ নেতৃত্বত অহা এই দলটোৱে আজি তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চিত্ৰলেখা উদ্যান, ঐতিহাসিক দ-পৰ্বতীয়া তোৰণ  পৰিদৰ্শন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.