শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ জুলাই : তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত ২০২১ চনত গঢ়ি উঠা “কুকী স্কুল অব নাৰ্চিং” ৰ পৰা আজি অতি আশাব্যঞ্জক ভাবে প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি এন এম নাৰ্চিঙৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আনুষ্ঠানিক ভাবে ডিগ্ৰী প্ৰদান কৰা হয়।নাৰ্চিং প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক মুকেশ নাথে অনান্য আমন্ত্ৰিত অতিথি সকলৰ সৈতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে “শপত গ্ৰহণ আৰু ডিগ্ৰী প্ৰদান” ৰ এই বিশেষ অনুষ্ঠানটি ।ইয়াৰ আগেয়ে “কুকী স্কুল অব নাৰ্চিং” ৰ অধ্যক্ষা অৰুন্ধতী বৰুৱাই আদৰণী ভাষণ দাঙি ধৰা আৰু একাংশ শিক্ষাৰ্থীয়ে গুৰুবন্দনা কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অধ্যাপিকা ডাঃ অৰুণজ্যোতি বৰুৱাই ভাষণ প্ৰসংগত সামাজিক দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে সততা আৰু নিষ্ঠাৰে আজিৰ দিনটোৰ পৰা জি এন এম নাৰ্ছ সকলে ৰোগীৰ পৰিচৰ্য্যাত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়।শিক্ষাৰ্থীৰ গীত, নৃত্যৰে মুখৰিত হৈ পৰা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্ছিং অধীক্ষক গিৰীজা কুমাৰেও ভাষণ প্ৰদান কৰা নুষ্ঠানটিত প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীক মেডেল প্ৰদান কৰি জি এন এম নাৰ্চিঙৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ পিছত সকলোৱে বন্তি প্ৰজ্বলন কৰাৰ পিছত শপতবাক্য পাঠ কৰোৱায়।আনহাতে, প্ৰথম বৰ্ষৰ পাৰদৰ্শী শিক্ষাৰ্থীক গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাইও ভাষণ প্ৰদান কৰি বিশ্বত আধুনিক নাৰ্চিঙৰ বাটকটীয়া ফ্ল’ৰেঞ্চ নাইটিংগেলৰ লগতে মাডাৰ টেৰেছাৰ আদৰ্শেৰে উদ্ধুদ্ধ হৈ নাৰ্ছ সকলক সম্প্ৰতি সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্তব্যত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং স্কুলৰ অধ্যক্ষা ৰেখা দেৱী, এচেন্ট স্কুল অব নাৰ্চিঙৰ অধ্যক্ষা জ্যোতি কন্দপল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ নাৰ্চিং অধীক্ষক অপৰ্ণা দাস বৰ্মণ, ডি পি এইচ এন অ’ নিৰ্মলা প্ৰধান, তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি নাথ, কুকী স্কুল অব নাৰ্চিঙৰ সঞ্চালক মিতালী বৰা, নাৰ্চিং স্কুলখনৰ উপাধ্যক্ষা বিউতি দেৱী, স্থানীয় সমাজকৰ্মী জ্যোতি প্ৰসাদ বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চিং অধীক্ষক মমী বৰুৱাই কবিতা আবৃত্তি কৰে। আনহাতে অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে শিশু অৱস্থাতে নিজ মাতৃৰ লগত সম্পৰ্ক থকা এগৰাকী এ এন এম নাৰ্ছৰ স্মৃতিৰ প্ৰসংগেৰে এখন সমাজৰ উত্তৰণৰ বাবে তিনি শ্ৰেণী বৃত্তিৰ লোক ক্ৰমে সুৰক্ষা কৰ্মী, শিক্ষক আৰু নাৰ্ছৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি চিকিৎসা কৰ্মী আৰু চিকিৎসক সকলৰ প্ৰতি সততে উথ্থাপিত হোৱা অভিযোগ সমূহ নস্যাৎ কৰিব পৰাকৈ নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালনত অগ্ৰসৰ হ’বলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়। ভাষণ প্ৰসংগত অধীক্ষক ডাঃ ৰাজবংশীয়ে বৰ্তমানে চৌদিশে মূল্যবোধৰ অৱক্ষয় হোৱা সমাজখনত চিকিৎসা কৰ্মী সকলৰো এক গধুৰ দায়িত্ব আহি পৰিছে বুলি মন্তব্য কৰি সমাজৰ সকলো ক্ষেত্ৰৰে সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।