তেজপুৰৰ ডায়মেনশ্যন একাডেমীলৈ চি এম এছিয়াৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩”

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : বিদ্যায়তনিক আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ২০১৪ চনত তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত, উদ্যমী যুৱক পংকজ দাসৰ তৎপৰতাত গঢ় লৈ উঠা “ডায়মেনশ্যন একাডেমী” নামৰ শিক্ষানুষ্ঠানখনে উত্তৰ পূৱৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে জিলিকি উঠি “চি এম অ’ এছিয়া” ৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩” লাভ কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত সকলো উৎফুল্ল হৈ পৰিছে। উল্লেখ্য যে, শিক্ষানুষ্ঠানখনে এই বঁটা লাভ কৰাৰ পিছত যোৱা ৩০ মাৰ্চ তাৰিখে গুৱাহাটীৰ হোটেল তাজ ভিভেন্টাত দেশৰ স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সঞ্চালক পংকজ দাসে আনুষ্ঠানিক ভাৱে এই বঁটা গ্ৰহণ কৰে। উল্লেখ্য যে, শিক্ষাবিদ ড০ খগেশ্বৰ বৰকাকতিয়ে অধ্যক্ষ হিচাপে বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰি থকা শিক্ষানুষ্ঠানখনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান কৰাৰ বিগত সময়চোৱাত উন্নত ফলৰে জিলিকি উঠিবলৈ সক্ষম হৈছে। বৰ্তমানে তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৩০ গৰাকীকৈ শিক্ষয়িত্ৰীয়ে পাঠদান কৰি অহা “ডায়মেনচন একাডেমী” ৰ এই সফলতাত তেজপুৰৰ বিদ্বৎ মহলে সঞ্চালক পংকজ দাসৰ লগতে অধ্যক্ষ ড০ খগেশ্বৰ বৰকাকতিক অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.