তেজপুৰৰ ডিপোতা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা সম্পূৰ্ণ এসপ্তাহৰ পাছত যুৱকনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ উল্লেখযোগ্য যে, ১৬জুনৰ সন্ধিয়া প্ৰায় সাত বজাত ১৬বছৰীয়া যুৱকজন ডিপোতা নৈৰ বাঢ়নি পানীত উটি গৈছিল আৰু পৰৱৰ্তী সময়ত স্হানীয় লোকৰ উপৰি এছ ডি আৰ এফে যুৱকজনৰ সন্ধান চলাইছিল য’দিও অমুজৰ সন্ধান ওলোৱা নাছিল৷ আজি দিনৰ প্ৰায় ১২বজাত ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰকিলোমিটাৰ দূৰত্বত খোলাকটি এল পি স্কুলৰ সমীপত ডিপোতা নৈৰ পানীত যুৱকজনৰ মৃতদেহ উপঙি উঠে আৰু ইয়াৰ পাছতে মৃতদেহটো উদ্ধাৰ কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.