শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ এপ্ৰিল : বৰলুইতৰ পাৰৰ বিশুদ্ধ বতাহৰ বিশুদ্ধ উশাহ লৈ সুন্দৰ নৈসৰ্গিক শোভা উপভোগ কৰি এতিয়াৰ পৰা দেশী – বিদেশী পৰ্যটকে এসাজ তৃপ্তিৰে খাই নৈশ যাপন কৰিব পাৰিব তেজপুৰৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত দ – পৰ্বতীয়াৰ দেৱীসিং ঘাটৰ “দ্য আলোৱাহ” শীৰ্ষক সুন্দৰ ৰিজৰ্টত।
“আলোৱাহ” শব্দৰ অৰ্থ হ’ল বিশুদ্ধ উশাহ। এই সুন্দৰ নামেৰে দেৱীসিং ঘাটৰ সুন্দৰ পৰিবেশত পংকজা বৰা নামৰ স্হানীয় খিলঞ্জীয়া উদ্যোগী মহিলা গৰাকীয়ে গঢ়ি তোলা আৰু যোৱা জানুৱাৰী মাহত অনুষ্টুপীয়াকৈ শুভাৰম্ভ কৰা ৰিজ’ৰ্টখন আজি পূৰ্ণাংগ ৰূপত বৃহৎ আয়োজনৰে আজি ফিটা কাটি এক আনন্দ – উল্লাসৰ মাজত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যখনৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। পুৱাই উজনি অসমৰ এক বিহু সন্মিলনৰ পৰা আহি ৰিজ’ৰ্টখনৰ এটি কটেজত থকা অভিনেত্ৰী গৰাকীক এটি বিহুৱা দলে বিহুনাচেৰে আগবঢ়াই নিয়াৰ পিছত সহস্ৰাধিক মহিলা আৰু স্হানীয় ৰাইজৰ উপস্থিতিত এক মাংগলিক পৰিৱেশত ৰিজ’ৰ্টখনৰ ফিটা কাটি শুভাৰম্ভ কৰাৰ পিছত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে সংস্কৃতিৰ নগৰী তেজপুৰ এনেই ইমান সুন্দৰ আৰু নৈসৰ্গিক শোভাৰে পূৰ্ণ, তাতে ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে এনে এক সুন্দৰ পৰিবেশৰ ৰিজ’ৰ্টে পৰ্যটকসকলক মানসিক প্ৰশান্তি প্ৰদান কৰিব বুলি মন্তব্য কৰে। প্ৰদূষণত সৰহ সময় থাকিবলৈ বাধ্য হৈ পৰা লোকক এই “দ্য আলোৱাহ” ৰিজ’ৰ্টখনে আকৰ্ষিত কৰিব বুলি মন্তব্য কৰি এগৰাকী মহিলাৰ উদ্যোগত এনে সুন্দৰ কাম হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে। উল্লেখ্য যে, কেবাটাও কটেজ, বিয়াকে ধৰি আন অনুষ্ঠানৰ অভ্যৰ্থনা কৰিব পৰাৰ ব্যৱস্থাৰে বুজন পৰিমাণৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টখন উন্মোচন কৰি সাংবাদিকৰ আগত নিশিতা গোস্বামীয়ে অসমত পৰ্যটন উদ্যোগৰ অধিক সম্ভাৱনা আছে বুলি কৈ জুবিন গাৰ্গক অসম পৰ্যটনৰ এম্বেচেদৰ হিচাপে নিযুক্তি দিবলৈ অসম চৰকাৰক এনেদৰে আহ্বান জনায়।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা