শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ জানুৱাৰী: তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক তথা জননেতা, তিনিদিনীয়া কাকত “মহাজাতি”ৰ প্ৰকাশক তথা সম্পাদক প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ আজি ২৩ সংখ্যক মৃত্যু তিথিত বিশিষ্ট ব্যক্তিজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ লগতে বিভিন্ন অনুষ্ঠানে স্মৰণ কৰে।আজি পুৱা আঠ বজাত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্য তথা বিষয়ববীয়া সকলে তেজপুৰৰ লাচিত চকত সাংবাদিক সংস্হাটোৱে স্হাপন কৰা প্ৰয়াত ড° সিংহৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ পৌৰ সভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই অংশ লৈ প্ৰয়াত সিংহৰ আবক্ষ মূৰ্তিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে । সাংবাদিক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা, ফটো সাংবাদিক সমীৰ কৰ, জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ নাথ, হিমাংশু শইকীয়া, প্ৰণৱ কুমাৰ দাস আৰু অপূৰ্ব বৰা প্ৰমুখ্যে সাংবাদিক সকলৰ উপৰি প্ৰাক্তন ছাত্ৰ নেতা কুলেন ভৰালী, অমিত দত্ত, দিলীপ নাথ আদি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সদস্য হিমাংশু শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৌৰপতি ভট্টাচাৰ্যই তেওঁৰ বক্তব্যত যে প্ৰয়াত ড° সিংহই সাংসদ হিচাপে জাতি আৰু জনসাধাৰণৰ কামত গুৰুত্ব দি সকলো ত্যাগ কৰিছিল। ড° সিংহই ১৯৭৭ ত তেতিয়াৰ জনতা দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু তেজপুৰত তেওঁ বিভিন্ন উন্নয়নমূলক কামৰ বাবে আৰু সমাজৰ সমগ্ৰ শ্ৰেণীক সহায় কৰাৰ বাবে ত্যাগ কৰিবলৈ সদায় সাজু আছিল। তেওঁ ভূমিৰ অধিকাৰৰ বাবে আন্দোলন কৰি সাতখনকৈ ভূমিহীন খেতিয়কৰ গাঁও স্থাপন কৰিছিল আৰু হৰিজন আৰু জনজাতীয় কল্যাণৰ বাবে যথেষ্ঠ কাম কৰিছিল আৰু তাৰ বাবে তেওঁৰ জনপ্ৰিয়তা আজিও বিদ্যমান বুলিও কয় ভট্টাচাৰ্যই । লগতে তেওঁ কয় যে অসম আৰু অন্যান্য পূবৰ ৰাজ্যত বসবাস কৰা লোকসকলৰ জাতীয় সংহতিৰ হকে প্ৰচাৰ কৰিছিল ড° সিংহই। বৰ্তমানৰ কলীয়াভোমোৰা দলং আৰু জীয়া ভৰলী নৈৰ ওপৰত তেজপুৰ আৰু জামুগুৰিহাট সংযোগী চকীঘাট দলঙৰ বাবে সংসদৰ মজিয়াত উত্থাপন কৰা তেওঁৱেই এক মাত্ৰ সাংসদ আৰু এই চকীঘাট দলং বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে বুলিও ভট্টাচাৰ্যই প্ৰকাশ কৰে।