শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ আগষ্ট : ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ কৰ্পছে আজি শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া এটা দলে চাইকেল ৰেলি আৰম্ভ কৰে। আজাদি কা অমৃত মহোৎসৱ পালনৰ উদ্দেশ্যে সেনাৰ এই চাইকেল আৰোহীৰ দলটোত অংশগ্ৰহণ কৰে সেনাৰ উপৰি ইন্দু তিব্বতীয়ান পুলিচ, সশস্ত্ৰ সীমা বল আৰু স্থানীয় লোকৰ দলটো ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছ জি অ চি য়ে আদৰণি জনাব বুলি জানিবলৈ দিয়ে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে.কৰ্ণেল এ এছ ৱালিয়াই । দলটো শোণিতপুৰ জিলাৰ সেনাৰ মিছমাৰী ঘাটিৰ পৰা আৰম্ভ কৰা এই যাত্ৰা মিছামাৰি, ঢেকীয়াজুলি, ওৰাং, ৰৌতা, ওদালগুৰি, হাটীগড় আৰু ভৈৰৱকুণ্ড অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ বালিমূহত তৃতীয় দিনৰ দিনা উপস্থিত হব । সেনাৰ এই চাইকেল অভিযানত কেবাগৰাকী মহিলা বিষয়াই অংশগ্ৰহণ কৰে।