শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা হয়।উল্লেখযোগ্য যে, ইংৰাজ আৰু মানৰ মাজত ১৮২৬ ত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসন ইংৰাজৰ অধীনলৈ যায় আৰু ইয়াৰ পাছতে ৰাজ্যৰ লগতে তেজপুৰতো গঢ়ি উঠা ক’ৰ্ট কাছাৰীৰ কামকে ধৰি বিভিন্ন কামৰ বাবে ব্ৰিটিছৰ প্ৰশাসকৰ তৎপৰতাতে একাংশ বাঙালী লোক তেজপুৰলৈ আহে।ধীৰে ধীৰে তেজপুৰলৈ সোঁত বোৱা আৰু বিভিন্ন কামত জড়িত হৈ বাঙালী লোক সকলে নিগাজীকৈ থাকিবলৈ লয় তেজপুৰত৷ তাহানিৰ অবিভক্ত বংগৰ পৰা অহা মহেশ নাজিৰে ব্যক্তিগত ভাবে দুৰ্গা পূজা কৰিবলৈ লয় তেজপুৰত আৰু ১৮৮৭ ত অসমীয়া আৰু বাঙালী লোকসকলে তেজপুৰত একত্ৰিতভাৱে দুৰ্গাপূজা কৰিবলৈ লোৱাৰ লগতে ১৮৯৮ ত অবৈতনিক ভাৱেহে নাটকৰ যাত্ৰা আৰম্ভ কৰে।আজি এই সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰি তেজপুৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ সংখ্যাক জয়ন্তীৰ প্ৰস্তুতি সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি নাট্য সমাজৰ সভাপতি তপন গাংগুলী, উপ সভাপতি খনিজ ভট্টাচাৰ্য, সহকাৰী সম্পাদকদ্বয় বিশ্বজিৎ পুৰকায়স্থ আৰু বিশ্বজিৎ সোমৰ লগতে কাৰ্যনিৰ্বাহক সদস্য দ্বিপেন্দ্ৰ চক্ৰৱৰ্তীয়ে জয়ন্তীৰ কাৰ্যসূচী সদৰি কৰে৷ উল্লেখযোগ্য যে, পাঁচ দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচী আৰম্ভ হব ১৮ ডিচেম্বৰত পতাকা উত্তোলন আৰু নাট্য সমাজৰ পৰিয়ালৰ সুৰ, তাল আৰু আলাপ শীৰ্ষক বৈঠকৰে৷ ইয়াৰ পাছত ২৪ ডিচেম্বৰত বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৰচিত পৰিচালিত ছ হাত মাথো আৰু শিলচৰৰ জন্মভূমিৰ বৰ্ণ পৰিচয় শীৰ্ষক নাটকৰ মঞ্চ মুকলি কৰিব সাংসদ পল্লৱ লোচন দাসে ।২৫ ডিচেম্বৰ সন্ধ্যা নগাঁও বাঙালী সন্মিলনীৰ হৰিবাবু এট দা ৰেট অৱ ডেভেলপমেণ্ট ডট কম আৰু তেজপুৰ বেংগলী অবৈতনিক নাট্য সমাজৰ সদগতি নামৰ দুখন নাট শুভ উদ্বোধন কৰিব শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উল্লেখযোগ্য যে নাট্য সমাজৰ এই কাৰ্যসূচী শনি আৰু দেওবাৰে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেয়ে তেনেদৰেই সূচী সাজু কৰা হৈছে৷ সেই অনুসৰি সাত জানুৱাৰীত মাতৃভাষাই শিক্ষাৰ সংকট শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে আৰু এই আলোচনা চক্ৰ উদ্বোধন কৰিব তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই৷ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰিব হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে৷তেওঁ নাট্য সমাজৰ মুখপত্ৰ প্ৰত্যয়ও উন্মোচন কৰিব।একেটা দিনতে সন্ধ্যা বাৰ মাহত তেৰটা উৎসৱ শীৰ্ষক গীতি আলেখ্যখন প্ৰদৰ্শিত হ’ব। আঠ ডিচেম্বৰত এই বিশেষ অনুষ্ঠানৰ সামৰণি পৰিব আৰু উক্ত দিনা মুখ্য অতিথি ৰূপে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সন্মানীয় অতিথি ৰূপে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই অংশ লব। তদুপৰি সেইদিনা বিয়লি কলকতাৰ সংগীত শিল্পী প্ৰশমিত পাল আৰু সিধুৱে অংশ লব সাংস্কৃতিক কাৰ্যসূচীত। নাট্য সমাজে এই সকলো কাৰ্যসূচীতে ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে। আনহাতে, এই পুৰণা সমাজিক তথা সাংস্কৃতিক সংগঠনটোৰ উন্নয়নৰ বাবে আজিলৈকে চৰকাৰী ভাবে কোনো সাহায্য লাভ কৰা নাই বুলিও সংস্হাটোৰ বিষয়ববীয়া সকলে প্ৰকাশ কৰিছে৷