শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩০ ছেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুভ মুক্তি লভিলে ৰাজ্যখনৰ বিশিষ্ট গীতিকাৰ – সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দুটিকৈ জনপ্ৰিয় গীত। উল্লেখ্য যে, বিগত সময়ৰ লকডাউনৰ সময়চোৱাত ঘৰতে আৱদ্ধ হৈ থকা প্ৰবীণ গীতিকাৰ গৰাকীয়ে ৰচনা কৰা “নিৰিবিলি সন্ধিয়া” আৰু “উদাসীন মন” শীৰ্ষক অতি মনপৰশা গীত দুটি আনুষ্ঠানিক ভাবে উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ড০ স্বাধীনতা মহন্তই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত মনোৰম সাংগিতিক অনুষ্ঠানটিৰ আৰম্ভণিতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে বংকিম শৰ্মাই বৰ্তমানলৈকে প্ৰায় পোন্ধৰশ চিৰসেউজ গীত ৰচনা কৰি অসমীয়া সংগীত ক্ষেত্ৰখন জীপাল কৰি তোলাৰ পিছত শেহতীয়াকৈ ৰচনা কৰা এই গীত দুটি বাণ থিয়েটাৰৰে সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই সুৰেৰে সজোৱাৰ পিছত দক্ষ সংগীত শিল্পী সীমান্ত কাকতিয়ে সংগীত ব্যৱস্থাপনা কৰাৰ পিছত এগৰাকী পাৰদৰ্শী কন্ঠশিল্পী প্ৰণামী বৰঠাকুৰে কন্ঠ নিগৰাই ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াত আহ্লাদিত হৈছোঁ বুলি মন্তব্য কৰে। অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰি সৰুৰে পৰা আকাশবাণীৰ গীতিমালিকা অনুষ্ঠান স্মৰণ কৰি তেতিয়াৰ পৰাই সংগীতৰ প্ৰতি অনুৰক্ত হৈ পৰাৰ প্ৰসংগ উত্থাপন কৰে। চৰকাৰী ব্যস্ততাপূৰ্ণ চাকৰিৰ বাবে নিজৰ সংস্কৃত মনটো হেৰাই গৈছিল যদিও শোণিতপুৰলৈ উপায়ুক্ত হিচাপে বদলি হৈ অহাৰ পিছত সাংস্কৃতিক ৰাজধানী হিচাবে পৰিগণিত তেজপুৰৰ শিল্পীপ্ৰাণ ব্যক্তি বিশেষকৈ বাণ থিয়েটাৰৰ পৰিয়ালৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি উঠাৰ পিছত নিজৰ সাংস্কৃতিক মনটো সজীৱ হৈ পৰিছে বুলি মন্তব্য কৰে। বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটেও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা আৰু গীত দুটিত কন্ঠদান কৰা প্ৰণামী বৰঠাকুৰে গীত দুটি পৰিৱেশন কৰা অনুষ্ঠানটিত আনগৰাকী উন্মোচক বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্তই অসমৰ সংগীতৰ সৰোবৰত আজিৰ পৰা আন দুটি পদুম ফুল ফুলিল বুলি মন্তব্য কৰি বংকিম শৰ্মাৰ সৃষ্টিয়ে অসমীয়া সংগীতৰ ভেটি সবল কৰি তুলিছে বুলি মন্তব্য কৰে। আনহাতে অনুষ্ঠানটিৰ মধ্যমণি বংকিম শৰ্মাই নিজৰ অনুভৱ সদৰী কৰি গানৰ পৰিৱৰ্তে গীত ৰচনা কৰি অসমীয়া সংগীতৰ ভড়াললৈ কিঞ্চিৎ অৱদান দিবলৈ চেষ্টা কৰি আহিছোঁ বুলি মন্তব্য কৰে।