তেজপুৰৰ বিভিন্ন অনুষ্ঠানে ভিন্ন কাৰ্যসূচীৰে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস

0 83

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ জুন : বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজিৰ দিনটোত প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি দৰং মহাবিদ্যালয়ত কেইবাটিও অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱা ৬:৩০ বজাত দৰং মহাবিদ্যালয় বাণিজ্য সমিতিৰ (DCCS) উদ্যোগত গছপুলি ৰোপণ আৰু চৌহদত পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ দীপাঞ্জন চক্ৰৱৰ্তী আৰু অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাই গছপুলি ৰোপণ কৰে। ৯ বজাৰ পৰা চেন্টাৰ ফৰ্ একচিলেঞ্চ আৰু অসম বিজ্ঞান সমিতি, তেজপুৰ শাখাৰ উদ্যোগত দৰং মহাবিদ্যালয়ৰ চৌহদৰ বিভিন্ন স্হানত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই গছপুলি ৰোপণ কৰে। লগতে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে এখন কুইজ প্ৰতিযোগিতা দিনৰ ১০ বজাৰ পৰা দৰং মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ অনুষ্ঠিত কৰা হয় । দৰং মহাবিদ্যালয় মহিলা মঞ্চৰ উদ্যোগত পাৰ্থেনিয়ামৰ সজাগতা সভা এখন অনুষ্ঠিত কৰা হয় । মহিলা মঞ্চৰ সভাপতি বৰ্ণালী দাস ডেকাই জনাই যে দৰং মহাবিদ্যালয়ৰ চৌহদত গজি উঠা পাৰ্থেনিয়ামবোৰ উভালি পেলাবলৈ দুজন কৰ্মচাৰীক নিয়োগ কৰে। দৰং মহাবিদ্যালয় গুণগতমান নিৰূপণ কোষৰ (IQAC) উদ্যোগত দৰং মহাবিদ্যালয়ৰ পৰিগৃহিত গাওঁ বাহবাৰী ডেকা চুবুৰীয়াত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে।একেদৰে তেজপুৰৰ তৰুণ অসম সংঘত আয়োজন কৰা বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱা, তেজপুৰত উদ্ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰা দৰংমহাবিদ্যালয়ৰ অধ্যাপক হৰেন্দ্ৰ নাথ মৰাং আৰু তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্প বান্ধৱ সৌৰভ বৰকটকীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাৰ পৌৰোহিত্যত উপসভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া আৰু জিতেন বৰঠাকুৰে আসন শুৱনি কৰা আৰু তৰুণ অসম সংঘৰ সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত আজিৰ দিনটোৰ তাৎপৰ্য আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত অধ্যাপক হৰেন্দ্ৰ নাথ মৰাঙৰ লগতে কুমুদ বৰুৱা আৰু সৌৰভ বৰকটকীয়ে বক্তব্য দাঙি ধৰে। আনহাতে তেজপুৰৰ অসমীয়া ক্লাবত ইক’ ক্লাবৰ সহযোগত গছপুলি ৰোপণেৰে পৰিৱেশ দিৱস উদযাপন কৰাৰ লগতে তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়ত এইবাৰৰ বিশ্ব পৰিবেশ দিৱসৰ মূলমন্ত্ৰ প্লাষ্টিক বৰ্জনৰ ওপৰত বিশেষ বক্তৃতা সম্পন্ন হয়। তেজপুৰৰ মহিলাৰ অনুষ্ঠান মৈত্ৰী সংঘৰ উদ্যোগত মাজগাঁৱৰ কেন্সাৰ কেয়াৰ চেন্টাৰ “দ্বিপশিখা” ৰ চৌহদত গছপুলি ৰোপণ কৰে সংঘৰ সদস্যা সকলে। একেদৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনত বৃক্ষ বন্ধু কুমুদ বৰুৱাৰ তৎপৰতাত গছপুলি ৰোপণৰ লগতে বাটৰ নাটেৰে সজাগতা সৃষ্টি কৰা হয়। উল্লেখ্য যে তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে আজি তেজপুৰ চহৰৰ তিনি স্হানত শিক্ষাৰ্থী সকলে নিজেই ৰচনা কৰা বাটৰ নাটেৰে সজাগতা সৃষ্টি কৰা দৃশ্যই সকলোকে আপ্লুত কৰে।”সেউজীয়াৰে ধুনীয়া কৰোঁ আমাৰ ধৰণী” শীৰ্ষক বাটৰ নাটকখন তেজপুৰৰ আদালত চাৰিআলিত শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত পংকজ বৰাই শুভ উদ্বোধন কৰি শিক্ষাৰ্থী সকলৰ এনে প্ৰয়াসৰ শলাগ লোৱাৰ পিছত তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সন্মুখত আৰু পৰোৱা চাৰিআলিতো পৰিৱেশন কৰি প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টি কৰে।সেইদৰে যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়টো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ নেতৃত্বত আৰু বিদ্যালয়ৰ ইক’ ক্লাব আৰু ইয়ুথ ক্লাবৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ দ্বাৰা বিদ্যালয়ৰ কৃষি পথাৰত আজি ৫০টা নেমু আৰু ৪০ টা মেহগনি গছৰ পুলি ৰোপণ কৰা হয়৷ ইয়াৰ আগে বিদ্যালয়ত স্বচ্ছতা পালন কৰা হয়৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় চৌহদ পৰিস্কাৰ কৰাৰ পিচত বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰে৷ শিক্ষক ভীষ্মকান্ত মাহাতো, দ্বিজেন নাথ, নিংকুনিশা নেওগ, গীতা বড়ো আৰু পল্লৱী শইকীয়াৰ তত্বাৱধানত বৃক্ষ ৰোপণ, স্বচ্ছতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উল্লেখ্য যে বিদ্যালয়খনে ইতিমধ্যে এখন নেমুৰ বাগিচা গঢ়ি তুলিছে৷ নেমু ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত দিয়াৰ উপৰিও বজাৰত বিক্ৰীও কৰিছে৷ বিদ্যালয়খনত বহু মূল্যবান গছ-গছনি আৰু বিভিন্ন ফল মূলৰ গছ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.