তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়া সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন

0 89

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়া বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা অতি সংকটজনক অৱস্থাত তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হ’ব লগা হৈছে । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ৮৯ বছৰীয়া বিদূষী গৰাকীৰ শৰীৰৰ হঠাৎ দ্ৰুত অৱনতি ঘটাত তেজপুৰ কলিবাৰীৰ পৰিয়ালৰ লোকে যোৱা ৪ ফেব্ৰুৱাৰীত তেজপুৰৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰাইছিল যদিও শেহতীয়াকৈ শৰীৰৰ অধিক অৱনতি ঘটাত চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰব লগা হয়। তেজপুৰ সাহিত্য সভাৰ উপদেষ্টাকে ধৰি নাৰী শিল্প সমিতি, পদ্মনাথ গোহাঞি বৰুৱাৰ শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্থা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, বাণ থিয়েটাৰ আদি অনেক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত অশীতিপৰ মৃণালী চেতিয়া চিকিৎসাধীন হোৱাৰ সংবাদে তেজপুৰবাসীক মৰ্মাহত কৰি তুলিছে। চিকিৎসাধীন অৱস্থাত বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া চিকিৎসালয়খনত উপস্থিত হৈছে যদিও আই চি ইউত থকাৰ বাবে কাষলৈ যাব পৰা নাই। বিদূষী মহিলা গৰাকীৰ বিভিন্নজন গুণগ্ৰাহীৰ লগতে বিভিন্ন অনুষ্ঠানে আশু আৰোগ্য কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.