তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মালৈ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ “বিদ্যাৰত্ন” উপাধি

তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ অভিনন্দন জ্ঞাপন

0 59

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাক কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই “বিদ্যাৰত্ন উপাধি” ৰে বিভূষিত কৰাত তেজপুৰবাসী উৎফুল্ল হৈ পৰিছে। বৰ্তমানে দৰং মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ আদি অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা অতি যোগাত্মক চিন্তাধাৰাৰে সকলোকে অনুপ্ৰাণিত কৰা তথা সু বক্তা হিচাবে পৰিচিত উপেন্দ্ৰ নাথ শৰ্মাক যোৱা ২৬ মাৰ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভা গৃহত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই উপাধি প্ৰদান কৰাৰ পিছত তেজপুৰবাসী উৎফুল্ল হৈ পৰিছে। তেজপুৰৰ সকলো সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত মাৰ্গদৰ্শনকাৰীৰ ভূমিকা গ্ৰহণ কৰি অহা এইগৰাকী শিক্ষাবিদ কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো সকলো যোগাত্মক কাৰ্যসূচীত যোগদান কৰি আহিছে। এনে সময়তে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনৱদ্য বৰঙণি আগবঢ়াই অহা শিক্ষাবিদ গৰাকীক এই সন্মান প্ৰদান কৰাত দৰং মহাবিদ্যালয় অধ্যক্ষ ড° পলাশ মণি শইকীয়া, দৰংমহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, সম্পাদক আৰু যুটীয়া সম্পাদক ক্ৰমে – ড° মনোজ কুমাৰ হাজৰিকা, পংকজ বৰুৱা, বাণ থিয়েটাৰৰ সভাপতি – সাধাৰণ সম্পাদক ক্ৰমে – বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতা, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্য আদিয়ে উষ্ম অভিনন্দন জ্ঞাপন শীঘ্ৰেই আৰোগ্য কামনা কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.