তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত গাণনিক গ্ৰেপ্তাৰ

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ ছেপ্টেম্বৰঃ ভাৰতীয় খাদ্য নিগমৰ তেজপুৰস্হিত কাৰ্যালয়ত কৰ্মৰত গাণনিক আব্দুল লতিফক যোৱা নিশা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্হা চিবিআইৰ দুৰ্নীতি নিবাৰক কোষে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে গাণনিক লতিফৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু এই অভিযোগৰ ভিত্তিত কালি দিনৰ প্ৰায় ১২বজাত চিটিআইৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা অহা এটা প্ৰায় ১৫জনীয়া দল তেজপুৰস্হ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উপস্থিত হয়হি৷ ইয়াৰ পাছতেই চলা অনুসন্ধানৰ সময়ত বিয়লি অভিযুক্ত লতিফে লুকুৱাই থোৱা স্হানৰ পৰা নগদ ২০হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্ৰনিধানযোগ্য যে, এজন ঠিকাদাৰে লতিফৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ কৰিছিল৷ কাৰ্যালয়টোত সামগ্ৰী যোগান ধৰা এজন ঠিকাদাৰে প্ৰাপ্য বিল আদায়ৰ সময়ত লতিফৰ পৰা উৎকোচ দাবীৰ সন্মুখীন হৈ আহিছিল আৰু যোৱা মাৰ্চত তেওঁ পাবলগীয়া একলাখ ৩০হেজাৰ টকাৰ বিপৰীতে পুনৰ ধন দাবী কৰাত অতিষ্ঠ ঠিকাদাৰজনে চিটিআইক অভিযোগ দাখিল কৰে৷ উল্লেখযোগ্য যে,অভিযুক্ত লতিফৰ হাতৰ পৰা উৎকোচৰ ২০হেজাৰ টকা উদ্ধাৰ কৰা হোৱা নাই যদিও সেই নোটত পূৰ্বেই মিহলোৱা ৰাসায়নিক দ্ৰব্য লতিফৰ হাতত পোৱা গৈছে৷ এই অভিযানৰ পাছত নিশা প্ৰায় ১২বজাত লতিফক গ্ৰেপ্তাৰ কৰি অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ নিয়ে বুলি আজি জানিব পৰা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.