তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ১০দিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি

0 7
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ উদ্যোগত যোৱা ২৩ মে’ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ  শিবিৰৰ সফল সামৰণি ঘটে।মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ পৰিচালনাত অনুষ্ঠিত হোৱা যোগ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ধনভি বৰুৱাই।কিশোৰী ধনভিৰ পৰিপক্ক প্ৰশিক্ষনে যোগ শিবিৰখনক  এক সুন্দৰ মাত্ৰা প্ৰদান কৰে। কালিৰ এই যোগশিবিৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই। অনুষ্ঠানত ধনভিয়ে যোগৰ উপকাৰীতা সম্পৰ্কত চিত্তাকৰ্ষক বক্তব্য প্ৰদান কৰি সকলোকে আপ্লুত কৰে।মহাবিদ্যালয়খনৰ উপাধ্যক্ষা জ্যোৎস্না বৰা, অধ্যাপিকা ড° মালা মহন্ত, ড° শান্তদেৱী, লিজা বৰঠাকুৰ, অধ্যাপক পল্লব ভট্টাচাৰ্য্য, তত্বাবধায়িকা বৰ্ণালী দেৱীয়ে অংশগ্ৰহণ কৰা এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰীসকলক  একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয়। যোগাসনৰ উপকাৰীতাৰ সন্দৰ্ভত উপাধ্যক্ষা বৰাই বক্তব্য আগবঢ়োৱা সভাত অধ্যাপিকা বৰঠাকুৰে শলাগ জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.