তেজপুৰৰ সন্মিলন কক্ষৰ সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

0 13
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ জুনঃ তেজপুৰৰ বাটমাৰিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰৰ সুৰক্ষাৰ দায়িত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা গজাল এটাও কোনেও নিবলৈ সাহস কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শেহতীয়া তিনিদিন ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ সমাপ্তিৰ পাছতে এই আটকধুনীয়া সন্মিলন কেন্দ্ৰটো যাতে পৰিত্যক্ত হৈ নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ইয়াত ছয়মাহৰ পাছতে পুনৰ ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ মাজৰ ছয়মাহত কোনো লোকে ইয়াৰপৰা য’দি গজাল এটাও চুৰি কৰাৰ সাহস কৰে তেতিয়া তেনেলোকক চৰকাৰে “মৰমৰ চুমা” দিব বুলি সতৰ্ক কৰি দি কয় “এই সন্মিলন কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্ব মোৰ। ইয়াৰ পৰা কোনেও গজাল এটাও চুৰ কৰিব নোৱাৰে। আপোনালোক নিশ্চিত থাকক।” উল্লেখ্য যে, ছয় বিঘা সাতকঠা আঠ লেছা মাটিত প্ৰায় ১৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই সন্মিলন কেন্দ্ৰটো। সকলো আধুনিক সা সুবিধা সম্পন্ন এই কেন্দ্ৰটো ১১জুনত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ পাছতে ইয়াত আৰম্ভ হয় ৰাজ্যৰ মন্ত্ৰী সভাৰ কেবিনেট বৈঠক। বিভিন্ন ছবি, দৃশ্য আৰু কাৰুকাৰ্যৰে সজাই তোলা এই সন্মিলন কেন্দ্ৰটো তেজপুৰৰ বাবে এক প্ৰয়োজনীয় সম্পদ হোৱাৰ বিপৰীতে চহৰখনৰ সৰ্বত্ৰে চোৰৰ সন্ত্ৰাস অব্যাহত থকাত এই কেন্দ্ৰটোৰ মূল্যৱান সা সম্পত্তি সমূহ সুৰক্ষিতে থাকিবনে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.