শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টিৰ মানসেৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত আজি ‘অচিন গ্ৰন্থৰ সহচৰ্য ‘ ব্লাইণ্ড ডেট উইথ বুক’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন হয়।এই ব্যতিক্ৰমী কাৰ্যসূচীত ছাত্ৰীসকলক ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবলৈ যায় এখন ৰহস্যমূলক কিতাপ লৈ যিখন কাগজত মেৰিয়াই থোৱা থাকে যাতে সেই শিৰোনামটোৰ লগতে কিতাপখনৰ লেখকজনো দৃষ্টিগোচৰ নোহোৱাকে থাকে ৷ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলভাবে পঢ়াৰ অভ্যাস গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে তেওঁলোকক তেওঁলোকে বৰ্তমানে ভুগি থকা অস্বস্তিকৰ পৰিবেশৰ পৰা উলিয়াই আনিব যাতে তেওঁলোকে বিভিন্ন ধৰণৰ কিতাপ পঢ়ে যিবোৰ তেওঁলোকে আগতে নামেই শুনা নাছিল বা পঢ়া নাছিল। মানৱ সভ্যতাক গ্ৰন্থৰ প্ৰভাবে কিদৰে প্ৰভাবিত কৰিব পৰা সেই কথা গ্ৰীক পণ্ডিত বেছাৰিয়ানে বাইজানটাইন সাম্ৰাজ্য পতনৰ পিছত ইটালীলৈ পলাই যাওঁতে লগত লৈ যোৱা আপুৰুগীয়া গ্ৰন্থৰ টোপোলাটোৱে নৱজাগৰণৰ’ সূত্ৰপাত ঘটোৱা কথাটোলৈ মনত পেলাব পাৰি। উল্লেখ্য যে তেজপুৰ কন্যা মহাবিদ্যালয়ত এনে ধৰণৰ গ্ৰন্থ সচেতনাৰ কাৰ্যসূচীৰ লগতে গ্ৰন্থ প্ৰকাশৰ প্ৰয়াস কৰি থকা হৈছে। আজি মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ উদ্যোগত আয়োজিত এই ব্যতিক্ৰমী কাৰ্যসূচী উদ্বোধন কৰা মহাবিদ্যালয়খনৰ উপাধ্যক্ষ জ্যোৎস্না বৰাই বিভাগে গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লৈ এনেধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ অভ্যাস আৰু সৃষ্টিশীল চেতনা অধিক সঞ্জীৱিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থকা বিভিন্ন বিভাগৰ শিক্ষকসকলেও সন্তুষ্টি প্ৰকাশ কৰি ছাত্ৰীসকলক শলাগ লৈ উৎসাহিত কৰাৰ লগতে ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান অনামিকা দেৱী, ড°.মৃন্ময়ী গোস্বামী আৰু অধ্যাপিকা সন্ধানী দত্ত কলিতাৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।