শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ কলা-বীথিকা, অসমীয়া ক্লাবৰ উদ্যোগত অহা ১৮ জুলাইৰ পৰা ২৩ জুলাইলৈ শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত হ’ব। ক্লাবটোৰ বালি ৰাম লহকৰ সভাঘৰত ছদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাখনত অভিজ্ঞ শিল্পীৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। তেজপুৰ কলা-বীথিকাৰ আহ্বায়ক মৃগেন কলিতাই জনাইছে যে উঠি অহা শিল্পীসকলক শুদ্ধ পথেৰে চিত্ৰকলাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি কৰ্মশালাখনৰ আয়োজন কৰা হৈছে। প্ৰায় কুৰিগৰাকী প্ৰশিক্ষাৰ্থীৰে কৰ্মশালাখন অনুষ্ঠিত হ’ব।