শতাব্দ প্ৰতিনিধি,তেজপুৰ,২অক্টোবৰঃ গান্ধী জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ আন পাঁচখন কেন্দ্ৰীয় কাৰাগাৰৰ সতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কাৰাবন্দীসকলৰ বাবে চেনিটেৰী নেপকিন নিষ্কাশনৰ কৰা এক যন্ত্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়৷ শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাই আজি এই আনুষ্ঠানিকতা ৰুপায়ণ কৰে৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়ধীশৰ পৰিকল্পনা অনুসৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম কাৰাগাৰ মুখ্যালয়ৰ সহযোগত চেনিটেৰী নেপকিন নিষ্কাশনৰ আধুনিক প্ৰযুক্তিৰ এই যন্ত্ৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত স্থাপন কৰে। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সমন্বয়ক চাজিদুৰ ৰহমানে আঁতধৰা অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চিন্ময় বৰুৱা আঁচনিখনৰ সন্দৰ্ভত দাঙি ধৰি কয়- এই আচনি আজি ৰাজ্যৰ মুঠ ছয়খন জিলাত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি কৰা বুলি উল্লেখ কৰি মহা মানৱ মহাত্মা গান্ধীয়ে সদায় স্বচ্ছতা, পৰিষ্কাৰ পৰিচন্নতাত গুৰুত্ব প্ৰদান কৰিছল। মহিলাসকলে ঋতুকালিন সময়ছোৱাত লৱ লগা সাৱধানতা পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকি নিৰোগী হৈ থকাৰ আহ্বান জনায় লগতে কয় উক্ত যন্ত্ৰত তেনে চেনিটেৰী নেপকিন উপলব্ধ হয়। সেই নেপকিন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি সুস্থ সবল হৈ থকাৰ আহ্বান জনায়। ইফালে দ্বাৰ উন্মোচক অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাই ভাষনত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় যন্ত্ৰই সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সকলো মহিলা কাৰাবন্দীক আহ্বান জনায় পূৰ্বতে মহিলা সকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত দাঙি ধৰি সেই লেতেৰা পৰিবেশৰ পৰা পৰিষ্কাৰ হৈ থকাৰ সুন্দৰ সুবিধা সকলোৱে গ্ৰহন কৰিব লাগে। অতিৰিক্ত উপায়ুক্ত বৰুৱাই উদ্বোধনী সভাত মাতৃৰ সৈতে কাৰাবন্দীত্ব জীৱন কটোৱা দুটি শিশুক শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে এজোৰকৈ বস্ত্ৰ সভাত প্ৰদান কৰে। অনুষ্ঠানত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস, অতিৰিক্ত উপায়ুক্ত তথা জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচু, কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষক অৰূপ কুমাৰ ফুকন, কাৰাগাৰাধীক্ষক দিলীপ কুমাৰ বড়ো প্ৰমুখ্যে কাৰাগাৰ আৰু আইন সেৱা প্ৰাধিকৰণৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
