তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে “তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২”। আজি বিয়লি ৪ বজাত তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতি, সাধাৰণ সম্পাদক, বিশিষ্ট চলচ্চিত্ৰ অভিনেতা অৰুণ নাথকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক মাংগলিক পৰিৱেশত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে এই মহোৎসৱ শুভাৰম্ভ হয়। তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো আজিৰ পৰা আৰম্ভ হোৱা এই চাৰিদিনীয়া “তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২” প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা আৰু সন্ধিয়া ৬ – ৩০ বজাৰ পৰা দুটা ভাগত দুখনকৈ বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। আজি বিয়লি ৪ বজাত ড০ ববী শৰ্মা বৰুৱা পৰিচালিত ১ ঘণ্টা ১৫ মিনিট দৈৰ্ঘ্যৰ অৰুণাচলী চলচ্চিত্ৰ “মিচিং” প্ৰদৰ্শিত হোৱাৰ পিছত সন্ধিয়া ৬ – ৩০ বজাত প্ৰদৰ্শিত হয় ধনজিৎ দাস পৰিচালিত অসমীয়া চিনেমা “শব্দ নি:শব্দ কোলাহল”। কাইলৈ বিয়লি ৪ বজাত প্ৰদৰ্শিত হ’ব মাখনমণি মৌঙসাবে পৰিচালিত ১ ঘণ্টা ১৫ মিনিটৰ মণিপুৰী চিনেমা “নাঙনা কপ্পা” আৰু সন্ধিয়া ৬ ৩০ বজাত প্ৰদৰ্শিত হব মঞ্জুল বৰুৱা পৰিচালিত বহুল সমাদৃত চিনেমা “কানীন” ।সেইদৰে ২৮ ডিচেম্বৰৰ বিয়লি ৪ বজাত প্ৰদৰ্শিত হব বিশাল চলিহা পৰিচালিত বড়ো ভাষাৰ ১ঘণ্টা ২০ মিনিটৰ চিনেমা “সিজৌ” আৰু সন্ধিয়া ৬ ৩০ বজাত প্ৰদৰ্শিত হব সৌৰভ বৈশ্য পৰিচালিত অসমীয়া চিনেমা “ক্ষণচৰ”। একেদৰে ২৯ ডিচেম্বৰৰ অন্তিম দিনটোত বিয়লি ৪ বজাত প্ৰদৰ্শিত হব চুটি ছবি আৰু সন্ধিয়া ৬ ৩০ বজাৰ পৰাও এখন চুটি ছবি প্ৰদৰ্শিত হ’ব। তেজপুৰ চলচ্চিত্ৰ মঞ্চই এই মহোৎসৱত চিনেমা প্ৰেমী সকলৰ উপস্থিতি কামনা কৰি সকলোকে বিনামূলীয়াকৈ এই বিশেষ নিৰ্বাচিত চিনেমা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.