তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাসঃ বহুকেইখন বাহনৰ ক্ষতি

0 36

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট: তেজপুৰ চহৰৰ মাজমজিয়াত যোৱা নিশাৰে পৰা বনৰীয়া হাতীৰ সন্ত্ৰাস চলিছিল । কালি সন্ধিয়া প্ৰায় ৮ মান বজাত তেজপুৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰে হাতীটোৱে। ইয়াৰ পিছতে জনসংযোগ বিষয়াৰ কাৰ্য্যালয় হৈ অসম ৰাজ্যিক পৰিবহনৰ বাছ আস্হানত প্ৰবেশ কৰে প্ৰকাণ্ড হাতীটোৱে। লগে লগে হুলস্থুলিয়া পৰিবেশ সৃষ্টি হয় চহৰখনত। তেজপুৰ এ এছটি চি বাছ আস্থানত এখন এলট’ গাড়ী ক্ষতি সাধন কৰি কেবাখনো বাইকৰ ক্ষতি সাধন কৰে৷ ইয়াৰ পিছতে তেজপুৰৰ পদুমপুখুৰীত অৱস্থান কৰে । বন বিভাগৰ লোকে পদুম পুখুৰীত কেবা জাই গুলি ফুটাই হাটীটো ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিবলৈ চেষ্টা চলাইছিল । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে 9.30 বজাত জনসাধাৰণৰ বাবে ঘোষণা কৰে যে হাতীটো বৰ্তমান তেজপুৰ চহৰৰ পদুম পুখুৰীৰ সমীপত অৱস্থান কৰি আছে। আজি পুৱা বন বিভাগৰ প্ৰচেষ্টাত পুণৰ হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয় আৰু সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । আনহাতে তেজপুৰ নেহৰু মৈদানৰ এখন ৱাল ভাঙি পেলোৱাৰ লগতে বন বিভাগৰ এখন বলেৰো পিকাপ বহনৰো ক্ষতি সাধন কৰে। উল্লেখ্য যে হাতীটো লাওখোৱা অভয়াৰণ্যৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহি তেজপুৰত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷ লাওখোৱা অভয়াৰণ্যত খাদ্যৰ অভাবৰ বাবেই ব্ৰহ্মপুত্ৰ পাৰ হৈ জনাঞ্চলত প্ৰবেশ কৰিছিল হাতীটোৱে।

মন্তব্য দিয়ক

Your email address will not be published.