তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ ব্যৱধানত পৰাভূত কৰে৷ উল্লেখযোগ্য যে,দৰ্শনীয় মেছখন প্ৰথমাৰ্ধত গ’ল শূন্য ভাবে অন্ত পৰিছিল যদিও দ্বিতীয়াৰ্দ্ধত ছিৰাং দুৱাৰ দলে আক্ৰমণৰ চোক বৃদ্ধি কৰি প্ৰতিপক্ষৰ বেহু ভেদ কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ পেংফাই চোনাৰ আৰু ডেভিদ দৈমাৰীয়ে একোটাকৈ গ’ল স্কৰ কৰিবলৈ সক্ষম হয়৷

মন্তব্য দিয়ক

Your email address will not be published.