তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ দুদিনীয়া “আলোকচিত্ৰ প্ৰদৰ্শনী” 

0 0

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ, ২৬ ডিচেম্বৰ: বিভিন্ন পৰিৱেশৰ, ভিন্ন বাৰ্তাবাহী, অতি অৰ্থবহ ৭০ খনকৈ আকৰ্ষণীয় আলোকচিত্ৰৰে ২৪ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা আলোকচিত্ৰ প্ৰদৰ্শনী কালি সন্ধিয়া সামৰণি পৰে । উল্লেখ্য যে, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সদস্য সকলে বিভিন্ন সময়ত নিজৰ কেমেৰাৰ লেন্সেৰে ধৰি ৰখা প্ৰকৃতিৰ কেতবোৰ নান্দনিক দৃশ্যৰ লগতে মানুহৰ জীৱন – সংগ্ৰাম আৰু বৰ্ণিল জীৱন পৰিক্ৰমাৰ লগতে জীৱ জন্তৰ জীৱন শৈলীৰ অপূৰ্ব মুহূৰ্তৰ আলোকচিত্ৰ সমূহ একত্ৰিত কৰি অতি সুন্দৰ তথা পৰিশীলিত ৰূপত প্ৰদৰ্শন কৰি ২৪ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা এই আলোকচিত্ৰ প্ৰদৰ্শনীৰ বন্তি প্ৰজ্বলনেৰে তেজপুৰৰ প্ৰবীণ ক্ৰীড়া সংগঠক তথা সু সাহিত্যিক দণ্ডিনাথ কলিতাৰ পুত্ৰ ডা০ বিশ্বৰঞ্জন কলিতা আৰু বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা অৰুণ নাথে শুভাৰম্ভ কৰাৰ পিছত বহু কলা ৰসিকে দুটা দিনত উপভোগ কৰে। আনহাতে বিশিষ্ট ক্ৰীড়া সংগঠক ডা০ বিশ্বৰঞ্জন কলিতাই আনুষ্ঠানিক ভাৱে ফিটা কটাৰ পিছত কালি সামৰণিৰ মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ শিল্পী তথা তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ উপদেষ্টা নলিনী বৰুৱাই কেক কাটি ফটোগ্ৰাফী জীৱনৰ বহু স্মৃতিৰে জীপাল কৰি তোলে প্ৰদৰ্শনী স্হলী। তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়াই আঁত ধৰা সামৰণি অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত চিত্ৰশিল্পী ৰাতুমণি দাস, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সভাপতি উৎপল পঞ্চানন, বিশিষ্ট লেখিকা তথা আলোকচিত্ৰ শিল্পী ডা০ অঞ্জুমণি চেতিয়া আদিয়ে আলোকচিত্ৰৰ বিভিন্ন কলাৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সদস্য তথা বিষয়ববীয়া ক্ৰমে – অৰুণীম দাস, উৎপল বৰা, অভিজিত বৰুৱা, শ্যামানুজ বনিয়া, অঞ্জন ৰাজখোৱা, উদিত বৰা, ডা০ অঞ্জুমনি চেতিয়া, ডা০ ৰাণামুকুট কেওঁট, ৰাতুমনি দাস, ছাজিউৰ ৰহমান, জচিতা গোস্বামী, সুস্মীতা হাজৰিকা, গংগোত্রী পঞ্চানন, বাৰ্লিন কুমাৰ শইকীয়া আৰু কৌশিক নন্দন শইকীয়াৰ আলোকচিত্ৰৰ জৰিয়তে আয়োজিত হোৱা এই প্ৰদৰ্শনীৰ সন্দৰ্ভত সভাপতি উৎপল পঞ্চাননে ভাল আলোকচিত্ৰৰ গুৰুত্ব বৃদ্ধিৰ পোষকতাৰে এক প্ৰতিযোগিতা সৃষ্টিৰ মানসৰ লগতে তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই বছৰত এবাৰ বিশ্ব ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি আৰু শীতকালত এবাৰ এনে প্ৰদৰ্শনী আয়োজন কৰি অহা হৈছে বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.