তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন

মুখ্য অতিথিৰূপে নতুন দিল্লীত কৰ্মৰত বিবিচি নিউজৰ শচীন গগৈৰ অংশগ্ৰহণ

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মে’ঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত পালন কৰা হয় ৩০সংখ্যক বিশ্ব সংবাদ স্বাধীনতা দিৱস৷ উল্লেখ্য যে, সংবাদ মাধ্যমে সম্প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে আজি বিশ্বজুৰি পালিত বিশেষ দিনটোত এইবাৰৰ বিষয়বস্তু আছিল ”অধিকাৰৰ ভৱিষ্যৎ গঢ় দিয়া: আন সকলো মানৱ অধিকাৰৰ চালক হিচাপে মত প্ৰকাশৰ স্বাধীনতা।” বিভাগটোৱে ‘স্তম্ভ: চতুৰ্থ স্তম্ভ’ শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পিছতে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই আদৰণি ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি অধ্যাপক বৰাই মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দ্বিধাই প্ৰশ্ন সুধিবলৈ আৰু শংকাবিহীন ভাবে মত প্ৰকাশ কৰিবলৈও উৎসাহিত কৰে।মুখ্য ভাষণ প্ৰদান কৰে নতুন দিল্লীত কৰ্মৰত বিবিচি নিউজৰ শচীন গগৈয়ে বিশ্ব সংবাদ মাধ্যমৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত আলোকপাত কৰে৷ এই প্ৰসংগত তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰা বিভিন্ন দেশৰ বিষয়েও উল্লেখ কৰে৷ বিভাগটোৰ প্ৰাক্তন ছাত্ৰ গগৈয়ে গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ পৰিৱেশৰ গুৰুত্বৰ পোষকতা কৰে। বিভিন্ন দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৰ্যাদা সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰি তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতাক ভাৰতীয় প্ৰেক্ষাপটৰ দৃষ্টিকোণৰে ব্যাখ্যা কৰে৷ নৰৱে আৰু উত্তৰ কোৰিয়াৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে এতিয়া সিদ্ধান্ত ল’ব লাগিব যে দেশখনক চৰকাৰে কোন দিশলৈ লৈ যাব বিচাৰে। গগৈয়ে তেওঁৰ ভাষণৰ সময়ত বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিকতা আৰু সততাৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ বিভিন্ন সাংস্কৃতিক কার্যসূচীৰ জৰিয়তে বিভাগটোৰ ছাত্র-ছাত্রীসকলে অনুস্হানত যথেষ্ট আগ্ৰহেৰে তেওঁলোকৰ মত প্রকাশ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ বিশাল কলিতা ৰচিত আৰু পৰিচালিত ‘প্ৰেছ – এ ডেঞ্জাৰছ বিজনেছ’ নামৰ এক ব্যংগাত্মক নাট্যৰূপ পৰিৱেশন কৰে৷ বিভাগটোৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী যশস্বী ঘিম্ৰে আৰু স্নেহা পুৰকায়স্থৰ সাংস্কৃতিক সূচীৰে অনুষ্ঠানৰ অন্ত পৰে৷

মন্তব্য দিয়ক

Your email address will not be published.