তেজপুৰ ২৪ নৱেম্বৰঃ অসম চৰকাৰে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি লাচিত দিৱসৰ দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে, তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী সহযোগী অধ্যাপক ড॰ প্ৰাণজিৎ হাজৰিকাই৷ অনুষ্ঠানটোৰ আৰম্ভণি হয়, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসৰ আৰম্ভণী বক্তৃতাৰে৷ তেওঁ নিজৰ বক্তৃতাত এই অনুষ্ঠানটো আয়োজনৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ উদ্বোধনী ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই৷ তেওঁ নিজৰ বক্তৃতাত লাচিত বৰফুকনৰ ব্যক্তিত্বৰ মনোজ্ঞ বিশ্লেষণ আগবঢ়ায়৷ অধ্যাপক ভট্টাচাৰ্যই লাচিতৰ বিশেষত্বৰ ভিতৰত নিজৰ কৰ্মদক্ষতাৰে সৰু পদবীৰপৰা ডাঙৰ পদবীলৈ উত্তৰণৰ ব্যক্তিগত প্ৰচেষ্টা, অভূতপূৰ্ব সামৰিক কৌশল আৰু জন্মভূমিৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ প্ৰসংগ নৱ প্ৰজন্মই শিকিব লগীয়া আছে বুলি মত প্ৰকাশ কৰে৷ অনুষ্ঠানৰ মুখ্য বক্তা ড॰ হাজৰিকাই লাচিত বৰফুকনৰ বিষয়ে ক’বলৈ গৈ প্ৰথমে শৰাইঘাট ৰণৰ ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপট সম্পৰ্কত আলোকপাত কৰে৷ শৰাইঘাট ৰণৰ জৰিয়তে অসমীয়া সৈন্যই লাচিত বৰফুকনৰ নেতৃত্বত সাম্ৰাজ্যবাদী মোগল শক্তিক পৰাজিত কৰাৰ গৌৰৱময় ইতিহাস সন্দৰ্ভত তেখেতে এক সাৰগৰ্ভ পযাৰ্লোচনা আগবঢ়ায়৷ ড॰ হাজৰিকাই লগতে অসমীয়া জাতীয়তাবাদৰ উত্থানপৰ্বত লাচিত-চৰ্চাৰ ভূমিকা সম্পৰ্কেও আভাস প্ৰদান কৰি ড॰ সূৰ্য্য কুমাৰ ভূঞাৰ দৰে ইতিহাসবিদে লাচিত বৰফুকন আৰু তেখেতৰ সময় সম্পৰ্কীয় ইতিহাস চৰ্চাত লোৱা ভূমিকা সম্পৰ্কেও আলোকপাত কৰে৷ শেহতীয়াকৈ অসম চৰকাৰে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী পালনৰ ক্ষেত্ৰত লোৱা উদ্যোগৰ প্ৰশংসা কৰি তেখেতে নতুন প্ৰজন্মক উদ্দেশ্যি লাচিত বৰফুকনৰ লগতে চক্ৰধ্বজ সিংহ, আতন বুঢ়াগোহাঁই আদিৰ ঐতিহাসিক ভূমিকাৰ কথাও উল্লেখ কৰে৷ মূল ভাষণৰ পিছতে বিশিষ্ট অতিথি, অধ্যাপক বলিন কুমাৰ কোঁৱৰে লাচিত বৰফুকন বিষয়ক এক তথ্যসমৃদ্ধ আলোচনা আগবঢ়ায়৷ লাচিত বৰফুকন চৰ্চাৰ ক্ষেত্ৰত ৰৈ যোৱা দিশসমূহৰ বিষয়ে তেখেতে গভীৰ পৰ্যালোচনা দাঙি ধৰে৷ ইয়াৰ পাছতে ছাত্ৰ কল্যাণৰ উপাধ্যক্ষ নবীন শৰ্মাই লাচিত বৰফুকন বিষয়ক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়৷ লাচিত বৰফুকন বিষয়ক ৰচনা প্ৰতিযোগিতাত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে–পৰশমণি হাজৰিকা[শিক্ষা বিভাগ], অভিনৱ হাজৰিকা[ৰসায়ন বিজ্ঞান বিভাগ] আৰু অন্বীষা কৰে[ৰসায়ন বিজ্ঞান বিভাগ]৷ অনুষ্ঠানৰ আঁত ধৰে ইংৰাজী বিভাগৰ গৱেষক-ছাত্ৰী ৰ’দালি শৰ্মাই৷ শতাধিক শিক্ষাৰ্থী আৰু শিক্ষাগুৰুৰ উপস্থিতিত সম্পন্ন হোৱা এই অনুষ্ঠানৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে লাচিত বৰফুকনৰ বীৰত্ব আৰু স্বদেশ প্ৰেম বিজড়িত সেই সময়ৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰে৷