তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাবৰ্তন
ৰাজ্যপাল মুখী আৰু বিশিষ্ট বিজ্ঞানী শংকৰ পালৰ অংশগ্ৰহণঃ১৩৬২ জনলৈ ডিগ্ৰী ডিপ্লোমা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় বিংশতিতম সমাৱৰ্তন৷ সমাৰোহত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী। আজিৰ এই সমাৱৰ্ত্তনত ১৩৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় বিভিন্ন বিভাগৰ ডিগ্ৰী আৰু ডিপ্লোমা৷ সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশ লয় পদ্মশ্ৰী প্ৰফেচৰ শংকৰ কুমাৰ পালে।উল্লেখযোগ্য যে,পূৰ্ব নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ অনুষ্ঠিত হয় তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাৱৰ্তনখন৷ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীৰ আগমণ পলম হোৱা বাবেই সমাৱৰ্তনখন সন্ধিয়াহে সামৰণি পৰে৷ বিশ্ববিদ্যালয়খনৰ স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ গ্ৰাউণ্ডত আজি দুপৰীয়া ১২:৩০বজাৰ পৰা অনুষ্ঠিত হোৱা আৰু আচাৰ্য মুখীৰ নেতৃত্বত শৈক্ষিক সমদলৰ পিছতেই আৰম্ভ হয় সমাৱৰ্তনৰ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ আজিৰ এই সমাৱৰ্তন ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে পি এইচ ডি, ৮৭৩ গৰাকীয়ে লাভ কৰে পোষ্ট গ্ৰেজুৱেট, ৩৮৬ গৰাকীয়ে লাভ কৰে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী।তদুপৰি, আনহাতে শীৰ্ষস্হান লাভৰে ৪৯ জনে সোণৰ পদক অৰ্জন কৰে৷ উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয় ৰাজ্যত অবৈধ বিদেশী বহিস্কাৰৰ দাবীত হোৱা ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত দেশৰ কেন্দ্ৰীয় চৰকাৰৰ স’তে হোৱা অসম চুক্তিৰ আধাৰত ১৯৯৪ চনৰ ২১ জানুৱাৰীত স্থাপন হৈছিল৷ ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য মুখীয়ে তেওঁৰ ভাষণত কৰ’না মহামাৰী আৰু ইয়াৰ পাছৰ অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ পলম নকৰাকৈ সময়মতে পঢ়া-শুনা সম্পন্ন কৰি ডিগ্ৰী লাভ কৰিব সক্ষম হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলৰ লগতে সমূহ শিক্ষাৰ্থীসকলক এনে প্রত্যাহ্বানমূলক সময়ত সামূহিক স্থিতিস্থাপকতা আৰু নিষ্ঠাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ এই ব্যতিক্ৰমী কৃতিত্বৰ স্বীকৃতি স্বৰূপে তেজপুৰ বিশ্ববিদ্যালয়ে শেহতীয়াকৈ ২০২২ চনত চতুৰ্থ মূল্যায়ন চক্ৰৰ সময়ত নাকৰ এ যোগ গ্ৰেডৰ স্বীকৃতি লাভ কৰাৰ বাবেও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে তেওঁ।আজিৰ সমাৱৰ্তন সমাৰোহত আদৰণি ভাষণ প্ৰদান কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুব কুমাৰ ভট্টাচাৰ্যই বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন কৃতিত্ব, আৰু বিগত বছৰবোৰত বিশ্ববিদ্যালয়খনে লাভ কৰা বঁটা আৰু সন্মানৰ ওপৰত আলোকপাত কৰে। লগতে বিশ্ববিদ্যালয়খনত শেহতীয়াকে গ্ৰহণ কৰা ফ্লেগশ্বিপ আঁচনি, বিভিন্ন পদক্ষেপৰ আৰু বিভিন্ন সময়ত গ্ৰহণ কৰা সামূহিক কাৰ্যসূচীৰ ওপৰতো বক্তৃতা প্ৰদান কৰে। তেওঁ অদূৰ ভৱিষ্যতে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিবলৈ লগীয়া বিভিন্ন প্ৰকল্পৰ বিষয়েও প্ৰকাশ কৰে।উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়খনত বৰ্তমান মুঠ ৪৫৮৭ গৰাকী ছাত্ৰ ছাত্ৰী তথা ৭৪ টা শৈক্ষিক আঁচনি আৰু ২৭ টা বিভাগ আছে । দেশৰ বাহিৰৰ মুঠ ১২ খন দেশৰ ছাত্ৰ ছাত্ৰীয়ে এই উচ্চ শিক্ষা অনুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে । ২৬৪ টা বিভিন্ন বিভাগৰ গৱেষণা বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত চলি আছে । আনহাতে সমাৱৰ্তনত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি দেশৰ বিশিষ্ট বিজ্ঞানী তথা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষ পদ্মশ্ৰী অধ্যাপক শংকৰ কুমাৰ পলে ডাটা বিজ্ঞানৰ ক্ষেত্ৰত শেহতীয়া গবেষণা, মেচিন ইণ্টেলিজেঞ্চ, ডীপ লাৰ্নিঙ, আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোকপাত কৰে৷আনহাতে,সমাৱৰ্তনৰ অন্তত সাংবাদিকৰ আগত মতামত ব্যক্ত কৰা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা দেশৰ বিশিষ্ট বিজ্ঞানী পদ্মশ্ৰী শংকৰ কুমাৰ পালে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনিকলৈ সন্তুষ্ট নহয় বুলি কয়। বিশিষ্ট বিজ্ঞানী গৰাকীয়ে ভাৰতৰ তুলনাত চীনত দুৰ্নীতি কম বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে, দুৰ্নীতি ৰোধ কৰা সম্ভৱপৰ নহয় আৰু ক্ষমতা আহিলে দুৰ্নীতি সংঘটিত হ’বই বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে।তেওঁ জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ দুৰ্নীতি বুলি উল্লেখ কৰে।