তেজপুৰ বিহগুৰিৰ অষ্টম আৰু নৱম শ্ৰেণীৰ দুই ছাত্ৰী নিৰুদ্দেশকলৈ ৰহস্য

0 18
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২ জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বিহগুৰি আৰক্ষী চকীৰ অন্তগত  বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰী দুদিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । ৩০জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰী দুগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, মৈলা গাঁৱৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত হিমাদ্ৰী কোছ নামৰ ছাত্ৰীগৰাকীয়ে পুৱা ১০ মান বজাত জাকৰুৱা চুবুৰীৰ বান্ধৱী তথা নৱম শ্ৰেণীৰ দিপ্তী ৰাজবংশী নামৰ ছাত্ৰীগৰাকীৰ ঘৰলৈ পঢ়িবলৈ যাওঁ বুলি ওলাই যায়। তাৰ পিছৰে পৰাই দুয়োগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে, ঘটনা সন্দৰ্ভত পৰিয়ালদুটাই বিহগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত নিৰুদিষ্ট ছাত্ৰী দুগৰাকীৰ কোনো শুংসূত্ৰ ওলোৱা নাই । দুয়ো ছাত্ৰীয়ে দৌৰাৰো নিয়মীয়া অভ্যাস কিছুদিনৰ পৰা কৰি গৈছিল । ইয়াৰে এগৰাকী ছাত্ৰীয়ে ঘৰত জমা থকা কিছু পৰিমাণৰ ধন আৰু আধাৰ কাৰ্ডো লগত লৈ গৈছে । কোনো লোকে যদি নিৰুদ্দিষ্ট কিশোৰী ছাত্ৰী দুগৰাকীৰ সন্ধান লাভ কৰে তেনেহলে ৭০৮৬৩৩৪৬০৮ নম্বৰত যোগাযোগ কৰিবলৈ দুচিন্তাত ভোগা পৰিয়ালৰ দুটাই  অনুৰোধ জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.