শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চঃ তেজপুৰ মহিলা সমিতিৰ চৌহদত সমিতিৰ উদ্যোগত নৰ্থ-ইষ্ট লাইটবক্স, ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ উইমেন’ছ ষ্টাডিজ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত তেজপুৰ মহিলা সমিতিৰ ইতিহাস প্ৰতিফলিত হোৱাকৈ তেজপুৰৰ মহিলা সকলৰ এক ঐতিহাসিক আৰু পুৰালেখ প্ৰদৰ্শনী ১৬পৰা১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব বুলি তেজপুৰ মহিলা সমিতিয়ে জানিবলৈ দিছে । প্ৰদৰ্শনীখনত তেজপুৰ মহিলা সমিতিৰ কেইবাটাও দশকৰ ইতিহাসৰ স্বাক্ষৰ সম্বলিত আলোকচিত্ৰকে ধৰি সমিতিৰ নিজা পুৰালেখ, ফ্লাইয়াৰ, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু অডিঅ’-স্কেপ আদিৰ ব্যৱস্থাও থাকিব।১৯২০ ৰ পৰা বিস্তৃত এক চহকী ইতিহাস বুকুত বান্ধি সমিতিখনে দেশৰ স্বাধীনতা সংগ্ৰাম তথা ১৯৬২ ৰ ভাৰত চীন যুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাকে ধৰি আজি পৰ্যন্ত শিক্ষা, মহিলাৰ আত্ম সংস্থাপন আৰু হস্ততাঁত আৰু বোৱা কটাৰ সম্প্ৰসাৰণৰ দিশত তৃণমূল পৰ্যায়ত বিশেষ ভাৱে নিয়োজিত হৈ আহিছে।১৬ মাৰ্চৰ পৰা ১৯মাৰ্চলৈ দৈনিক বিয়লি তিনি বজাৰ পৰা হব লগা এই প্ৰদৰ্শনী সকলোৰে বাবে বিনামূলীয়া প্ৰৱেশৰ সুবিধাৰে মুকলি থাকিব।