তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত কৃষকৰ মাজত উন্নত জাতৰ বীজ বিতৰণ

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগ

0 39

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা ( RKVY) আঁচনিৰ অধীনত তেজপুৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১৫০ গৰাকী কৃষকৰ মাজত উন্নত জাতৰ সৰিয়হ, গোমধান আৰু পিঁয়াজৰ বীজৰ লগতে উদ্যান শস্য আচঁনিৰ অধীনত উন্নত জাতৰ আমৰ পুলি বিতৰণ কৰিলে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা কৃষি বিষয়া পংকজ শইকীয়াই। অনুষ্ঠানতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক সৰিয়হ, আলু, কুঁহিয়াৰ আৰু বড়ো ধানৰ বীমা কৰিবলৈ আহ্বান জনালে জিলা কৃষি বিষয়া পংকজ শইকীয়াই । উল্লেখযোগ্য যে PMFBY আচঁনিৰ অধীনত শোণিতপুৰ জিলাৰ কৃষকসকলে এগ্রিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানীৰ ওচৰত ১০০ টকাত ১ হেক্টৰ কৃষিৰ বীমা কৰিলে যদিহে সেই শস্য নষ্ট হয় তেনেহ’লে কৃষকসকলে আলুৰ বাবদ ১,৬৭,৭১৯ টকা, সৰিয়হৰ বাবদ ৪০,৭২৫ টকা, কুঁহিয়াৰৰ বাবদ ১,১২,২৫৬ টকা আৰু বড়ো ধানৰ বাবদ ৬৯, ৫০০ টকাৰ ক্ষতিপূৰণ লাভ কৰিব । অনুষ্ঠানত উপস্থিত থাকে যুটীয়া কৃষি সঞ্চালক পবিত্ৰ শৰ্মা, ৰঙাপাৰা সমষ্টিৰ  বিধায়কৰ প্ৰতিনিধি ৰবিন তাঁতি, মহকুমা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মা, অৰূপ দত্ত, প্ৰাঞ্জল শৰ্মা, জিলা NFSM সমন্বয়ক নেকিব আহমেদ, কৃষি উন্নয়ন বিষয়া দিপাংকৰ বাৰিক, পঞ্চমীকা দত্ত, ঋতুৰাজ দেৱ, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশীৰ লগতে বহু বিশিষ্ট ব্যক্তি থাকে।

মন্তব্য দিয়ক

Your email address will not be published.