তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

0 93

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত পানীগাওঁ অ’ পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত আজি তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্রী হিৰামাই চুতীয়াই সভাপতিত্ব কৰে। মহিলা কোষৰ সম্পাদিকা গুণদা নাথে আঁত ধৰা সভাখন উদ্বোধন কৰে সমাজ সেৱিকা মনোৰমা গোস্বামীয়ে। উপস্থিত থকা অভিভাৱিকাসকলক উদ্দেশ্যি নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই প্ৰাক্তন ছাত্ৰী মনিকা দলে আৰু সহকাৰী অধ্যাপক বিদ্যুৎ হাজৰিকাই। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পানীগাওঁ অ’ পি দি মহাবিদ্যালয়ৰ উপাধ্যক্ষা কৰুনা দত্ত আৰু সহযোগী অধ্যাপিকা বন্তি ভূঞা শইকীয়াই। তিনি শতাধিক মহিলা উপস্থিত থকা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে দিহানাম পৰিবেশন কৰি আপ্লুত কৰে। সভাখনত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সহকাৰী অধ্যাপকসকল আৰু পানীগাওঁ অ’ পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্য সকলো উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.