শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট : ভাৰতীয় সেনাৰ মুকুটত এটা নতুন মুকুতা। সম্পূর্ণ দেশীয়ভাৱে বিকশিত আৰু নির্মাণ কৰা ‘পিনাকা’ ৰকেটটো ভাৰতীয় সেনাই সফলতাৰে পৰীক্ষা-নিৰীক্ষা কৰিছে৷ ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি এই পিনাকা ৰকেটৰ ৰেঞ্জো বৃদ্ধি কৰা হৈছে। থলুৱাভাৱে বিকশিত কৰা এই এক্সটেণ্ডেড ৰেঞ্জ ৰকেটৰ সফল পৰীক্ষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে। নতুনকৈ নিৰ্মাণ কৰা পিনাকা ৰকেটৰ সফল পৰীক্ষাৰ ফলত ৰাছিয়াৰ পৰা আৰু ৰকেট আমদানি কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। আনকি ভাৰতে বন্ধু দেশলৈয়ো এই ৰকেট ৰপ্তানি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি যোৱা কেইসপ্তাহমানৰ পৰা বালাছোৰ আৰু পোখৰাণত এই পিনাকা ৰকেটৰ পৰীক্ষণ চলি আছে। ৰকেট পৰীক্ষণৰ সময়ত চৰকাৰী মালিকানাধীন মিউনিচন ইণ্ডিয়া লিমিটেড আৰু নাগপুৰস্থিত ইকনমিক এক্সপ্ল’ছিভছ লিমিটেডে সেনাক সকলো ধৰণৰ সহায় আগবঢ়াইছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে পিনাকাৰ ৰকেটে ৩৫ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্যত আঘাত কৰিব পাৰিছিল। এতিয়া প্ৰযুক্তিগত পৰিৱৰ্তনৰ বাবে পিনাকা ৰকেটে ৪৫ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিব পাৰে। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচন বা ডি আৰ ডি অ’ই এই ৰকেটটো প্ৰস্তুত কৰিছে। ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে প্ৰতিৰক্ষা খণ্ড মুকলি কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ব্যৱহাৰৰ বাবে গ্ৰহণ কৰা হৈছে। এই প্ৰসংগত ই ই এলৰ অধ্যক্ষ সত্যনাৰায়ণ নুৱালে কয়— “আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ব্যক্তিগত খণ্ডই কেনেদৰে কাম কৰিব পাৰে, সেয়া আকৌ এবাৰ প্ৰমাণিত হৈছে। ডি আৰ ডি অ’ৰ নিৰ্দেশনা আৰু ভাৰতীয় সেনাৰ সহযোগিতা অবিহনে এই প্ৰকল্প ৰূপায়ণ নহ’লহেঁতেন।” পূৰ্বতে এনে অস্ত্ৰ সাধাৰণতে বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছিল, যিয়ে সেনাবাহিনীৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল। সেই সমস্যাটো এতিয়া সমাধান হোৱাৰ পথত।