দক্ষিণপাট সত্ৰৰ উদ্যোগত মাজুলীত আধ্যাত্মিক যুৱ সন্মিলন

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

0 75

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩ জুন : মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত দক্ষিণপাট সত্ৰৰ উদ্যোগত যোৱা ১ জুনৰ পৰা আয়োজিত আধ্যাত্মিক যুৱ সন্মিলনৰ আজি তৃতীয় দিনা ‘জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা’ অনুষ্ঠিত কৰা হয়। শনিবাৰে বিয়লি এই কৰ্মশালা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে, দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামীৰ দাৰ্শনিক চিন্তাৰে ২০১০ চনৰ পৰা ‘আধ্যাত্মিক যুৱ সন্মিলন’ চমুকৈ আয়ুসৰ নামৰ সামাজিক-আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছিল। ইয়াৰ অংশ হিচাপে এইবছৰ জেংৰাইমুখত চাৰিদিনীয়াকৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ আজিৰ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰী মহন্ত আৰু বৰা দুয়োগৰাকীয়েই ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ মাজত সম্প্ৰীতি-সৌহাৰ্দ আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় কৰিবলৈ দক্ষিণপাটৰ সত্ৰাধিকাৰ গৰাকীয়ে চলোৱা এই প্ৰচেষ্টাৰ শলাগ লয়। আধ্যাত্মিক যুৱ সন্মিলনৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী, মাজুলীৰ জিলা আয়ুক্ত (উপায়ুক্ত) কাবেৰী শৰ্মা, আয়ুসৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মন ৰাজগুৰু সমন্বিতে ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে সমাহিত আধ্যাত্মিক পৰিৱেশৰ মাজত এই কাৰ্যসূচীত ভাগ লৈ দুয়োগৰাকী মন্ত্ৰী অভিভূত হৈ পৰে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই কৰ্মশালাত কয়, ‘মানৱজীৱনত আধ্যাত্মিকতাৰ প্ৰভাৱ অসীম। মানুহৰ চিন্তা-চৰ্চা তথা কামকাজত আধ্যাত্মিকতাৰ পৰশ নাথাকিলে, জীৱনত প্ৰকৃত উত্তৰণ সম্ভৱ নহয়। আধ্যাত্মিকতাই আমাৰ শৰীৰ, মন, অন্তৰাত্মাক প্ৰশান্তি দিয়ে আৰু বৃহত্তৰ মানৱ কল্যাণৰ দিশত অৰিহণা যোগোৱাৰ বাবে প্ৰবুদ্ধ কৰে।’ দক্ষিণপাত সত্ৰৰ এই প্ৰয়াসৰ শলাগ লৈ তেওঁ লগতে কয় যে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ মাজত সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ লগতে সমাজত আধ্যাত্মিক বাতাৱৰণক উদগনিৰে আমাৰ বৃহত্তৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিবলৈ দক্ষিণপাট সত্ৰৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা আয়ুস এক মহান অনুষ্ঠান৷ ব্যক্তিক আধ্যাত্মিক আৰু নৈতিক ধ্যান-ধাৰণাৰে পৰিচালিত হৈ সুশৃংখলিতভাৱে সমাজৰ সেৱাৰ্থে ব্ৰতী হোৱাত এই অনুষ্ঠানে অনুপ্ৰাণিত কৰে। আধ্যাত্মিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ জৰিয়তে এই চাৰিদিনীয়া কৰ্মশালাই অসমৰ সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে। উল্লেখ্য যে, আয়ুসৰ উদ্যোগত ২০২৩ বৰ্ষটো মহিলা সৱলীকৰণ বৰ্ষ হিচাপে পালন কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.