দক্ষিণ এছিয়াৰ শান্তি সংকটত

চীন ব্যস্ত পাক সেনাৰ বাবে বাংকাৰ নিৰ্মাণত

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্ট : দক্ষিণ এছিয়া পুনৰ সংকটত পৰিছে। টাইৱান সীমান্তত ক্ষেপণাস্ত্ৰ অনুশীলনৰ পিছত চীন চৰকাৰে পাকিস্তানলৈ সহায় আগবঢ়াইছে। জানিব পৰা মতে চীনা সেনাই পাকিস্তান সেনাক বেলুচিস্তান আৰু পাক দখলীকৃত কাশ্মীৰত এক অতি গুৰুত্বপূৰ্ণ সামৰিক ব্যৱস্থা গঢ়ি তোলাত সহায় কৰি আছে। চীন-পাকিস্তান অৰ্থনৈতিক অংশীদাৰিত্ব CPECৰ অধীনত তেওঁলোকে পাকিস্তান সেনাৰ হৈ এই কাম কৰিছে। সিন্ধ অঞ্চলৰ খুজদাৰৰ ওচৰৰ নৱাবশ্বাহৰ পৰা ৫০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ছেহৱান-হায়দৰাবাদ ঘাইপথৰ কাষৰ ৰাণীকোট অঞ্চলত চীনা সৈন্যই কাম কৰি থকা দেখা গৈছে। বেলুচিস্তানৰ এই অঞ্চলত তেওঁলোকে গুহা সদৃশ ষ্ট’ৰেজ নিৰ্মাণ কৰা দেখা গৈছে। বেলুচিস্তানত মোতায়েন কৰা পাকিস্তানৰ খুজদাৰ মিছাইল ৰেজিমেণ্টে এই অঞ্চল ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে। আনহাতে পাকিস্তান অধিকৃত কাশ্মীৰৰ সাৰদাত চীনা পিপলছ লিবাৰেচন আৰ্মীৰ ১০ৰ পৰা ১২জন জোৱানে কাম কৰি থকা দেখা গৈছে। অঞ্চলটোত তেওঁলোকে মাটিৰ তলত বাংকাৰ নিৰ্মাণ কৰা দেখা গৈছে। পাকিস্তান সেনাৰ ৪০ সীমান্ত বাহিনীৰ শিবিৰত এই ব্যৱস্থা নিৰ্মাণ কৰি আছে। তদুপৰি পাকিস্তান দখলীকৃত কাশ্মীৰৰ আন এটা সেনা শিবিৰত ১০ৰ পৰা ১৫জন চীনা সৈন্যই কাম কৰি থকা দেখা গৈছে। পাকিস্তান অধিকৃত কাশ্মীৰৰ কেল গাঁৱৰ পৰা ১২ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত ফুলৱাইস্থিত পাক সেনা শিবিৰতো একে কাম কৰা দেখা গৈছিল। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিছে। তেওঁলোকে কয় যে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অঞ্চলসমূহত নতুন বাংকাৰ নিৰ্মাণ আৰু পুৰণি বাংকাৰ মেৰামতিৰ কাম কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.