শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিছাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে চৰকাৰৰ এনে কাৰ্য ৰাজকোষৰ ধন অপচয় কৰা কাৰ্য বুলি অভিহিত কৰে। তেওঁ কয় যে, বাহিৰত কেবিনেট অনুষ্ঠিত কৰাটো চমক সৃষ্টিৰ বাহিৰে আন একো নহয়।দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰিলে মাত্ৰ পাঁচ লাখ টকা ব্যয় হয় বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকীয়ে প্ৰকৃতাৰ্থত কেবিনেট অনুষ্ঠিত কৰিলে প্ৰতিটো বিভাগ এদিনৰ বাবে তেজপুৰলৈ উঠি আহিবনে বুলিও প্ৰশ্ন উত্থাপন কৰে। তেওঁ ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰিলে পূৰ্বৰ এনে কেবিনেটত মাছ-মঙহেৰে এসাজ সাধাৰণ ভাতহে মন্ত্ৰী-বিধায়ক-আমোলা-বিষয়াই গ্ৰহণ কৰে বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি হুছেইনে কয় যে, মাছ-মাংস-দাইল-আঞ্জাৰ ভাত যদি সাধাৰণ সাজ হয় তেন্তে সাধাৰণ লোকৰ সাধাৰণ ভাতসাজ কেনে হ’ব সেয়া চৰকাৰখনৰ বোধগম্য হোৱাটো প্ৰয়োজন।আনহাতে,তেওঁ কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰিব বুলি প্ৰচাৰিত খবৰ সংবাদ মাধ্যমৰহে সৃষ্টি বুলি মন্তব্য কৰে। তেওঁ আলফাৰ হত্যালীলাৰ সময়তো কংগ্ৰেছ কৰা লোক বুলিও মন্তব্য কৰি সংবাদমাধ্যহে তেওঁক শিখণ্ডী সজোৱা বুলি মন্তব্য কৰে।হুছেইনে আৰু কয় যে,চৰকাৰখনে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ তল পেলাবলৈকে এনে বাতৰি ৰাইজৰ মাজত বিলাই দিছে।তেওঁ কয় “চৰকাৰে নিজৰ কামকাজত গুৰুত্ব দিয়ক।ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰক।”