শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ পৰিদৰ্শন কৰে। অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীজনে তাত মোতায়েন কৰা সৈন্যৰ সৈতে মত বিনিময় কৰে। এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়- “মই অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ আগৰ অঞ্চলসমূহ পৰিদৰ্শন কৰি অঞ্চলটোত নিয়োজিত সৈন্যৰ সৈতে মত বিনিময় কৰোঁ। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকল জাতিৰ সেৱাত সদায় আগৰণুৱা।’’ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে ভাৰতীয় সেনাৰ প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু ভাৰতীয় সেনাৰ পূব কমাণ্ডৰ কমাণ্ডাৰ আৰ পি কলিতাও উপস্থিত আছিল। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত সামৰিক কেন্দ্ৰটো পৰিদৰ্শন কৰিছিল। ৰাজনাথ সিঙে পূব ফ্ৰণ্টত ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছ (III Corp)ৰ জোৱানসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। ২৮ ছেপ্টেম্বৰ বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডিব্ৰুগড় জিলাৰ দিনজানত থকা সামৰিক ষ্টেচনটো পৰিদৰ্শন কৰিছিল। উল্লেখ্য যে ২৮ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ পূব অৰুণাচল প্ৰদেশ আৰু অসমৰ স্পৰ্শকাতৰ এলেকাসমূহলৈ দুদিনীয়া ভ্ৰমণত আহিছিল ৰাজনাথ সিং। ফৰৱাৰ্ড এলেকাসমূহত সামৰ্থ্য বিকাশ আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়েও তেওঁক অৱগত কৰা হয়।