দুদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীলৈ ৰাজ্যপাল মুখী

0 16

শতাব্দ প্ৰতিনিধিf,মাজুলী,২৮মে’: ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীত উপস্থিত হ’ব।কালিলৈ মাজুলীত উপস্থিত হোৱাৰ পাছত ৰাজ্যপাল গৰাকীয়ে মাজুলীৰ চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰকে আদি কৰি কেবাখনো সত্ৰ পৰিভ্ৰমণ কৰি ৰাতিটো মাজুলীতে কটাব। ৰাজ্যপাল গৰাকীয়ে ৩০ মে’ তাৰিখে পুৱা গৱৰ্ণৰ গাৰ্লছ ভলীবল মিছনৰ অধীনত হব লগা ভলীবল প্ৰতিযোগিতা এখন উদ্বোধন কৰি মাজুলীৰ পৰা ৰাওনা হব।

মন্তব্য দিয়ক

Your email address will not be published.