শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : বুলেট ট্ৰেইন প্ৰজেক্টৰ মুৰব্বী সতীশ অগ্নিহোত্ৰীক স্বজন তোষণ, বিত্তীয় দুৰ্নীতি, অবৈধভাৱে ব্লেকলিষ্ট কৰা কোম্পানী এটাৰ উদ্ধৃতি দিয়াকে ধৰি একাধিক অভিযোগত ৰে’লৱেই অপসাৰণ কৰিছে। নতুন দায়িত্ব প্ৰদান কৰা হৈছে প্ৰকল্পটোৰ বৰ্তমানৰ সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদক। ৭ জুলাই বৃহস্পতিবাৰে ৰে’লৱে ব’ৰ্ডে প্ৰকাশ কৰা এক বিবৃতিত দায়িত্ব হস্তান্তৰ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে যদিও কোনো কাৰণ প্ৰকাশ কৰা হোৱা নাই। এইখিনিতে ক’ব পাৰি যে, নেচনেল হাই স্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকক সকাহ দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে এন এইচ আৰ চি এলৰ সঞ্চালক (প্ৰকল্প) ৰাজেন্দ্ৰ প্ৰসাদক জৰুৰী ভিত্তিত দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়া হৈছে। সতীশক লৈ ক্ষুব্ধ হৈ পৰে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। জাপানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টাগৰাকীয়ে যোৱা সপ্তাহত ভিডিঅ’ কনফাৰেন্সযোগে মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) বা বুলেট ট্ৰেইন প্ৰকল্পৰ ভাৰত-জাপান ১৪ সংখ্যক বৈঠকৰ লেহেমীয়া গতিত অসন্তুষ্টি প্ৰকাশ কৰিছিল। এনেবোৰ কাৰণৰ বাবেও সতীশে পদত্যাগ কৰিবলগীয়া হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১০ জুনত সতীশক এন এইচ আৰ চি এলৰ পৰিচালন সঞ্চালক আৰু বুলেট ট্ৰেইন প্ৰজেক্টৰ মুৰব্বী হিচাপে তিনি বছৰৰ বাবে নিযুক্তি দিয়া হৈছিল। নিযুক্তিৰ ৮ দিন পূৰ্বে লোকপাল আদালতে তেওঁৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল। ৰে’ল বিকাশ নিগম লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হৈ থকাৰ সময়তে ব্লেকলিষ্ট কৰা কোম্পানী এটাৰ পৰা অবৈধভাৱে অনুদান লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল সতীশৰ বিৰুদ্ধে। তদুপৰি আত্মসাৎ, দুৰ্নীতি, আত্মীয়তাবাদৰ অভিযোগ উত্থাপন হৈছে। প্ৰথম অৱস্থাত ২০২৩ চনৰ ডিচেম্বৰ মাহটো লক্ষ্য আছিল যদিও ২০১৬ চনৰ ১৪ ছেপ্টেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ উপস্থিতিত নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে, স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী বুলেট ট্ৰেইনেৰে উদযাপন কৰা হ’ব। সেই হিচাপে চলিত বৰ্ষৰ ১৫ আগষ্টত বুলেট ট্ৰেইনখন উদ্বোধন কৰাৰ কথা আছিল। যিটো এতিয়া পানীত জুই জ্বলোৱাৰ দৰে কথা। মুঠতে প্ৰধানমন্ত্ৰীৰ সপোনৰ প্ৰকল্পটোক লৈ সৃষ্টি হোৱা লেহেমীয়া কাৰবাৰটোক লৈ ভাৰতীয় ৰে’লৱে আৰু কেন্দ্ৰীয় চৰকাৰ এতিয়া যথেষ্ট অসন্তুষ্ট।