দৃষ্টিনন্দন নৃত্যৰে মুখৰিত তেজপুৰৰ মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চ 

0 21
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ জুলাইঃ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ে গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যোৱা ৮ জুলাই  পৰা মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চত খোল বাদন, জ্যোতি সংগীত, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত যি নৃত্য কৰ্মশালাৰ আয়োজন কৰিছিল সেই কৰ্মশালাৰ কালি  দৃষ্টিনন্দন অনুষ্ঠানেৰে সামৰণি পৰে। উল্লেখ্য যে, সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা, দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ বিশেষ তৎপৰতাত সৰ্বমুঠ ৪৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসৰ লগতে বিশিষ্ট সত্ৰীয়া শিল্পী তথা ৰূপকোঁৱৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ দত্ত, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি  বীৰেন্দ্ৰ কুমাৰ বৰাই। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছিল ক্ৰমে লিজা শইকীয়া,দিবিসা বৰা আৰু শিল্পা বৰা। সামৰণি অনুষ্ঠানৰ কেতবোৰ দৃষ্টিনন্দন আৰু মনোৰম অনুষ্ঠানে কালি সকলোকে মুগ্ধ কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.