দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ ডিচেম্বৰ: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটি লক্ষীমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায়। দুটা স্থানত এই শপত গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথিশালা (গেষ্ট হাউচ)ত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২ জন নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ হয়। ইয়াৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনৰ ৰাজহুৱা সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ অমৃতপ্ৰভা দেউৰী মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰীক শপত গ্ৰহণ কৰোৱায়। দুয়োটা অনুষ্ঠানতে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱানে শপত বাক্য পাঠ কৰোৱায়। আজি এই শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মনোৰমা মৰাং আদিকে ধৰি বিভিন্ন গণ্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.