শতাব্দ বিশেষ প্ৰতিনিধি, ১ মেঃ দেশৰ কোনোবা ঠাইলৈ ফুৰিবলৈ গ’লে এতিয়াৰে পৰা আপোনাক নিৰীক্ষণ কৰা হ’ব পাৰে। কোনো এডোখৰ পৰ্যটন স্থলীত আপুনি ক’ৰ পৰা আহিছে, ক’ত আছে, কি কি দৰ্শন কৰিলে, কিমান ধন ব্যয় কৰিলে ইত্যাদি প্ৰশ্নৰ মুখামুখি হয়তো আপুনি হ’ব পাৰে ! অনুগ্ৰহ কৰি আপুনি বিৰক্ত নহ’ব।
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে দেশখনৰ পৰ্যটন ক্ষেত্ৰখনৰ এখন প্ৰকৃত প্ৰতিচ্ছবি লাভৰ বাবে দেশজুৰি অলপতে এক সমীক্ষা চলোৱাৰ প্ৰস্তুতি চলাইছে। ঘৰুৱা আৰু বিদেশী পৰ্যটকসকলৰ মাজত সম্পন্ন কৰিবলগীয়া এই সমীক্ষাৰ যোগেদি পৰ্যটকসকলৰ ভ্ৰমণ চৰিত্ৰ, ভ্ৰমণৰ কাৰণ, ব্যয়ৰ পৰিমাণ ইত্যাদিৰ তথ্য সংগ্ৰহৰ বিশাল আয়োজন এটাৰ বাবে পৰ্যটন মন্ত্ৰালয় ইতিমধ্যেই সাজু হৈছে। মন্ত্ৰালয়ৰ পৰিকল্পনা অনুযায়ী ইয়াৰ সমস্ত তথ্যপাতি সংগ্ৰহ কৰিব প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে। কোনো এখন ৰাজ্যৰ প্ৰৱেশ বা প্ৰস্থান পথ, পৰ্যটন স্থান বা নৈশযাপন কৰা স্থানৰ পৰা পৰ্যটকৰ এই সমূহ তথ্য সংগ্ৰহ কৰা হ’ব। এই তথ্য সংগ্ৰহৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় ধনৰ যোগান ধৰা হ’ব। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে সোনকালেই দেশখনৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু উত্তৰ-পূব অঞ্চলত এনে সমীক্ষা চলাবৰ বাবে আগ্ৰহী প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিব। প্ৰতি মাহতেই এই তথ্য সংগ্ৰহৰ কাম অব্যাহত থাকিব আৰু মন্ত্ৰালয়ে ইয়াৰ বাবে নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিলৰ সহায় গ্ৰহণ কৰিব।
প্ৰথমবাৰৰ বাবে হাতত লোৱা এই সমীক্ষাৰ পৰা দেশৰ পৰ্যটন স্থানসমূহৰ গুৰুত্বৰ লগতে দেশী-বিদেশী পৰ্যটকৰ ধাৰণা আৰু ভ্ৰমণৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জ্ঞাত হ’ব পাৰিব বুলি পৰ্যটন মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে। প্ৰস্তাৱিত এই সমীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আগন্তুক ৰাষ্ট্ৰীয় পৰ্যটন নীতি প্ৰস্তুত কৰা হ’ব বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে।
পূৰ্বৱৰ্তী লেখা
কেন্দ্ৰীয় মন্ত্ৰী, ডিচিৰ উপস্থিতিত চলি থকা অনুষ্ঠানত স্ক্ৰীণত ভাঁহি উঠিল অশ্লীল চিনেমাৰ দৃশ্যাংশ
পৰৱৰ্তী লেখা
