দেশত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ

0 27
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিল: ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি প্ৰথমবাৰৰ বাবে দেশত মুঠ প্ৰত্যক্ষ কৰ ( আয়কৰ আৰু কৰ্প’ৰেট কৰ) সংগৃহীত হৈছে ১৪.০৯ লাখ কোটি টকা। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ জে বি মহাপাত্ৰই এক সংবাদ মেল যোগে এই তথ্য ঘোষণা কৰিছে। ইয়াৰ আগৰ বিত্তীয় বৰ্ষ, ২০২০-২১ ত সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰৰ পৰিমাণ আছিল ৯.৪৫ লাখ কোটি টকা। কৰ সংগ্ৰহৰ বৃদ্ধিৰ শতকৰা হাৰ হৈছে ৪৯.০২। ইয়াৰ পূৰ্বে ২০১৮ -১৯ বিত্তীয় বৰ্ষত দ্বিতীয় সৰ্বাধিক ১১.৪৪ লাখ কোটি টকা প্ৰত্যক্ষ কৰ হিচাপে সংগ্ৰহ হৈছিল।
     ২০২২ চনৰ ৩১ মাৰ্চত অন্ত পৰা বিত্তীয় বৰ্ষত ২০২১-২২ এছেছমেণ্ট ইয়েৰত নতুন ই ফাইলিং প’ৰ্টালৰ যোগেদি এইবাৰ ৭.১৪ কোটিৰো অধিক আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছিল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ গৰাকীৰ মতে, ক’ভিড অতিমাৰীৰ দুবছৰৰ পাছত ভাৰতীয় অৰ্থনীতিৰ যে পুনৰ উত্থান ঘটিছে সেয়া এই তথ্যৰ পৰাই প্ৰমাণিত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.