শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰ : ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় সংস্থা NIAৰ ভূমিকা বৃদ্ধি কৰিছে। এইবাৰ প্ৰতিখন ৰাজ্যতে কেন্দ্ৰই সৃষ্টি কৰিব NIAৰ শাখা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ২৭ অক্টোবৰত হাৰিয়ানাৰ সূৰযকুণ্ডত ৰাজ্যিক গৃহমন্ত্ৰীসকলৰ প্ৰথম চিন্তন শিবিৰত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যসমূহে কেন্দ্ৰৰ সৈতে সহযোগিতা কৰিব লাগিব। তেতিয়াহে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাটো সহজ হ’ব। শ্বাহে কয় যে ইতিমধ্যে NIAক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে। যাৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে অধিগ্ৰহণ কৰা সম্পত্তি জব্দ কৰিবলৈ সক্ষম হ’ব NIA। তেওঁ কয়— “২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিখন ৰাজ্যতে NIAৰ শাখা সৃষ্টি কৰা হ’ব। প্ৰতিখন ৰাজ্যতে NIAৰ শাখা স্থাপন কৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া বহু সহজ হ’ব।” মন কৰিবলগীয়া যে বৰ্তমান NIAৰ দিল্লী, হায়দৰাবাদ, গুৱাহাটী, কোচি, লক্ষ্ণৌ, মুম্বাই, কলকাতা, ৰায়পুৰ, জম্মু, চণ্ডীগড়, ৰাঁচী, চেন্নাই, ইম্ফল আছে , বঙাইগাঁও আৰু পাটনাত মুঠ ১৫টা শাখা আছে। ২৬/১১ মুম্বাই আক্ৰমণৰ পিছত এই সংগঠন গঠন কৰা হৈছিল।