দেশৰ ভিতৰত প্ৰথমঃ কেৰালাত শস্য চিকিৎসা কেন্দ্ৰ আৰম্ভ

২০১৭ চনৰ পৰা পৰীক্ষামূলক ভিত্তিত নিদানে দিছে সুফল

0 32

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে’ : মানুহ আৰু অন্যান্য পশু-পক্ষীৰ কিবা ৰোগ ব্যাধি হ’লে চিকিৎসা কৰিবৰ বাবে চিকিৎসালয় আছে। কিন্তু উদ্ভিদ বা কোনো শস্যৰ ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয় থকাৰ কথা কেতিয়াবা শুনিছেনে ? তাকো আমাৰ ভাৰতবৰ্ষত !
আচৰিত যেন লাগিলেও এনে এটা ধাৰণাৰে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কেৰালাৰ কেইবাখনো ঠাইত এতিয়া এনেধৰণৰ চিকিৎসালয় গঢ়ি উঠিছে। মানুহৰ চিকিৎসাৰ বাবে থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দৰে উদ্ভিদ বিশেষকৈ খাদ্যশস্যৰ চিকিৎসাৰ বাবে সমগ্ৰ কেৰালাত এতিয়া স্থাপন কৰিবলৈ লোৱা হৈছে প্ৰাথমিক শস্য চিকিৎসা কেন্দ্ৰ(Primary Crop Health Centre)। ২০১৭ চনত পৰীক্ষামূলক ভিত্তিত কেৰালাৰ এৰ্নাকুলাম জিলাৰ চুৰ্ণিক্কাৰা পঞ্চায়তত প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছিল। কৃষকসকলে বিভিন্ন শস্যৰ খেতি কৰোঁতে সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে কীট-পতঙ্গৰ আক্ৰমণ আৰু কেতিয়াবা এই আক্ৰমণে মহামাৰীৰ ৰূপ ধাৰণ কৰি সমুলঞ্চে খেতিয়কক লাওলোৱা অৱস্থা কৰে। শস্য চিকিৎসা কেন্দ্ৰটো স্থাপন কৰাৰ পাছৰে পৰাই গ্ৰাম্য অঞ্চলটোৰ কৃষকসকলে ৰোগত আক্ৰান্ত হোৱা শস্য সমূহৰ নমুনা পৰীক্ষাৰ বাবে ইয়ালৈ আনিবলৈ ধৰিলে আৰু কেন্দ্ৰটোত থকা কৃষি বিষয়াসকলৰ পৰা ৰোগৰ চিনাক্তকৰণ আৰু নিদান লাভ কৰি যথেষ্ট উপকৃত হৈছিল। ইয়াৰ পূৰ্বে শস্যৰ কোনো ৰোগ আদি হ’লে খেতিয়কসকলে কাষ চাপিছিল কীটনাশক ঔষধ আদি বিক্ৰী কৰা লোকসকলৰ। তেওঁলোকেও ঔষধ বিক্ৰীৰ স্বাৰ্থত খেতিয়ক সকলক অনুমানতে নিদান দি ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল। চৰকাৰী কৃষি বিভাগ এটা থকা স্বত্বেও খেতিয়ক সকলৰ ইয়াৰ বাহিৰে আন কোনো গত্যন্তৰ নাছিল। কেতিয়াবা এনে লোকৰ পৰামৰ্শত হিতে বিপৰীতহে হৈছিল।
এৰ্নাকুলামৰ পৰীক্ষামূলক কেন্দ্ৰটোৰ পৰা কৃষকসকল উপকৃত হোৱাত কেৰালাৰ কৃষি বিভাগে এতিয়া সমগ্ৰ ৰাজ্যখনতে চৰকাৰী স্থানীয় নিকায় সমূহৰ সহযোগিতাত এনে চিকিৎসা কেন্দ্ৰ স্থাপন কৰিছে। প্ৰতিখন ঠাইত থকা কৃষি ভৱনসমূহত এনে কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। ইয়াত থকা কৃষি বিভাগৰ বিষয়া সকলে চিকিৎসকৰ ভূমিকা পালন কৰিব। শস্যৰ ৰোগ চিনাক্তকৰণৰ পাছত নিৰাময়ৰ বাবে খেতিয়ক সকলক এই কেন্দ্ৰসমূহৰ পৰা বিনামূলীয়াকৈ জৈৱিক কীটনাশক, বায়’কেপছুল আদি ঔষধৰো যোগান ধৰা হ’ব। তদুপৰি এই কেন্দ্ৰসমূহত একোখনকৈ বায়’ফাৰ্মাচী আৰু মাটি পৰীক্ষা কৰা পৰীক্ষাগাৰো সংলগ্ন কৰা হ’ব। ৰাজ্যজুৰি স্থাপন কৰিব লগীয়া এই চিকিৎসা কেন্দ্ৰসমূহৰ বাবে নাবাৰ্ড আৰু ৰাজ্য চৰকাৰৰ পৰা পুঁজিৰ যোগান ধৰা হ’ব। কেৰালা চৰকাৰৰ এই অভিনৱ প্ৰচেষ্টা সম্ভৱতঃ ভাৰতবৰ্ষত এইয়েই প্ৰথম।

মন্তব্য দিয়ক

Your email address will not be published.