শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাইঃ ভাৰতৰ শীৰ্ষ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ৰেংকিঙৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এনআইআৰএফ) আজি ১৫ জুলাইত মুকলি কৰা হৈছে। এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ দহটা শিতানৰ বাবে ঘোষণা কৰা হয়— সামগ্ৰিকভাৱে, অভিযান্ত্ৰিক, ব্যৱস্থাপনা, ফাৰ্মাচী, কলেজ, স্থাপত্য, আইন, চিকিৎসা, দন্ত আৰু গৱেষণা। এই দহটা শিতানৰ ভিতৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী বা আই আই টি গুৱাহাটীয়ে সামগ্ৰিক বা Overall catagoryৰ প্ৰথম দহটা স্থানৰ ভিতৰত অষ্টম স্থান লাভ কৰিছে। আনহাতে অভিযান্ত্ৰিক শিতানতো গুৱাহাটীস্থিত শিক্ষা প্ৰতিষ্ঠানটোৱে দখল কৰিছে অষ্টম স্থান। সামগ্ৰিক শিতানৰ ৰেংকিঙৰ শীৰ্ষ ১০টা প্ৰতিষ্ঠান হৈছে এনেধৰণৰ— ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ তামিলনাডু, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কৰ্ণাটক, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, বম্বে মহাৰাষ্ট্ৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, দিল্লী, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ, উত্তৰ প্ৰদেশ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, খৰাগপুৰ পশ্চিম বংগ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, ৰূৰকী উত্তৰাখণ্ড, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী অসম, সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় দিল্লী। আনহাতে অভিযান্ত্ৰিক শিতানত NIRF ৰেংকিং ২০২২ত দহটা স্থান লাভ কৰা শিক্ষা প্ৰতিষ্ঠানকেইটা হৈছে এনেধৰণৰ— আই আই টি মাদ্ৰাজ, আই আই টি দিল্লী, আই আই টি বোম্বে, আই আই টি কানপুৰ, আই আই টি খৰাগপুৰ, আই আই টি ৰূৰকি, আই আই টি গুৱাহাটী, NIT তিৰুচিৰাপল্লী, আই আই টি হায়দৰাবাদ আৰু NIT সুৰথকাল।