শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : দৌৰত ঘোঁৰাকো হৰুৱাই দিয়াটো মুখৰ কথা নহয়। দৌৰৰ লগত ঘোঁৰা সদা পৰিচিত। ঘোঁৰা মানেই দৌৰ। সেই ঘোঁৰাক দৌৰত হৰুৱাইছে এজন লোকে। ৩৬ কিলোমিটাৰ দৌৰত প্রথম হৈছে ৰিকি লাইটফুট। যুক্তৰাজ্যৰ ৱেলছত যোৱা ১১ জুনত অনুষ্ঠিত হৈছিল এই প্রতিযোগিতা। তাত ৰিকিয়ে দৌৰত পিছ পেলাইছে মানুহৰ লগতে ৫০টা ঘোঁৰাকো ! ৱেলছত ১৯৮০ চনৰ পৰা ব্যতিক্রমী এই প্রতিযোগিতাৰ আৰম্ভ হৈছিল। ৰিকিক ধৰি এতিয়ালৈকে মাত্র তিনিজনহে এই প্রতিযোগিতাত প্রথম হৈছে। বাদ বাকী সময়ত শ্ৰেষ্ঠত্ব ৰৈছে ঘোঁৰাৰ দখলতেই। ৰিকি হৈছে কেনাৰি দ্বীপপুঞ্জৰ টেনেৰিফৰ বাসিন্দা। ৱেলছলৈ আহিবলৈ তেওঁ অতিক্ৰম কৰিবলগীয়া হৈছে দীর্ঘ পথ। প্ৰায় ২৯ ঘণ্টা সাৰে থাকিবলগীয়া হৈছে। ইয়াৰ পিছতো তেওঁ নামিছিল প্রতিযোগিতাত। দৌৰাৰ অভিজ্ঞতা ৰিকিৰ আগৰে পৰাই আছিল। অৱশ্যে ৱেলছৰ প্রতিযোগিতাত যে তেওঁৱেই প্রথম হৈছে, সেয়া আৰম্ভণিতে বুজিব পৰা নাছিল। কাৰণ মানুহ আৰু ঘোঁৰাৰ দৌৰাৰ পথ সুকীয়া সুকীয়া। পিছত আশে-পাশে থকা লোকক সুধি তেওঁ বুজিব পাৰিলে যে, প্রতিযোগিতাত ১ হাজাৰ মানুহ আৰু ৫০টা ঘোঁৰাক পিছ পেলাই তেওঁৱেই বিজয়ী হৈছে। সম্পূৰ্ণ পথ দৌৰিবলৈ ৰিকিৰ সময় লাগিছিল ২ ঘণ্টা ২২ মিনিট ২৩ ছেকেণ্ড। পুৰস্কাৰ হিচাবে পাইছে ৪ লাখ টকা (৩ হাজাৰ ৫০০ পাউণ্ড)।