শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ জুন : কিতাপ বা গ্ৰন্থৰ সংজ্ঞা দিয়াটো সিমান সহজ নহয়। ই মাথো এক ভৌতিক, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সমাৰোহেই নহয়, বগা কাগজত নীলা বা ক’লা আখৰৰে ৰচা এক “ইতিহাস” স্বৰূপ– কালি দৰংমহাবিদ্যালয়ত এইদৰে মন্তব্য কৰে দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে । উল্লেখ্য ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° দুলাল দাসৰ “তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক ছাত্ৰ ছাত্ৰীৰ উপযোগী আৰু পাঠক সমাজৰ বাবেও গুৰুত্বপূৰ্ণ বিষয়ৰ গ্ৰন্থ এখন আনুষ্ঠানিক ভাবে উন্মোচন কৰি শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে এসময়ৰ নিজৰ ছাত্ৰ আৰু মহাবিদ্যালয়খনৰ নিজৰ বিভাগৰে অধ্যাপক গৰাকীৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই আনন্দিত হোৱা বুলি কৈ অসমীয়া সাহিত্যত তুলনামূলক অধ্যয়নৰ গুৰুত্ব অধিক আৰু সেয়েহে ইয়াৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষ ৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ জেষ্ঠ্য অধ্যাপিকা ড° স্বপ্নালী কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আন এগৰাকী উন্মোচক দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই ভাষণ প্ৰদান কৰি বহুতেই বৰ্তমানলৈকে তুলনামূলক সাহিত্যৰ প্ৰাসংগিকতা আৰু গুৰুত্ব অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই যদিও এনে তুলনামূলক সাহিত্যৰ অধ্যয়নে এগৰাকী শিক্ষাৰ্থী বা গৱেষক ছাত্ৰ ছাত্ৰীক প্ৰচুৰ উপকাৰ সাধন কৰি বিষয়টোৰ ক্ষেত্ৰত পৰিপক্ব জ্ঞান দিবলৈ সক্ষম হয় বুলি কয় । দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড° মনোজ কুমাৰ হাজৰিকাই আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰি সাম্প্ৰতিক সময়ত “তুলনামূলক সাহিত্য” ই সাহিত্য ক্ষেত্ৰখনত বিশেষ গুৰুত্ব লাভ কৰি আহিছে বুলি উল্লেখ কৰে। শেহতীয়াভাৱে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° দাসে “তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছে আৰু গুৱাহাটী পাণবজাৰৰ অশোক বুক ষ্টলে গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে বুলি কৈ গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী, পাঠক সমাজক উপকৃত কৰাৰ লগতে গৱেষণাৰ ক্ষেত্ৰত টো বিশেষ অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে।সভাখনত লেখক ড° দাসে তেওঁৰ তৃতীয়খন গ্ৰন্থ লিখাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। আনহাতে সভাপতিৰ মন্তব্যত ড° কাকতিয়ে উল্লেখ কৰে যে এনেধৰণৰ গ্ৰন্থ প্ৰকাশে ছাত্ৰ-ছাত্ৰী, পাঠক সমাজৰ লগতে আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষকো নেকৰ গ্ৰেড পোৱাত বিশেষ সহায় কৰিব। সভাত দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ক্ষীৰেণ চন্দ্ৰ হালৈৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত আছিল।