শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ ফেব্ৰুৱাৰীঃ অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত আজিৰে পৰা ১৬ ফেব্ৰুৱাৰীলৈ অতি উল্লাস পূৰ্ণ ভাৱে আৰম্ভ হৈছে “মহাবিদ্যালয় সপ্তাহ” ।আজি প্ৰথম দিনটোতে শিক্ষাৰ্থী বাহিনীৰ মাৰ্চপাষ্ট আৰু অধ্যক্ষ ড০ পলাশ মণি শইকীয়াৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত উলিওৱা হয় এক আকৰ্ষণীয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। দৰংমহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ পূৰ্ণানন্দ পাৱেই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা এই দৃষ্টিনন্দন শোভাযাত্ৰাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি – সংস্কৃতি, তেজপুৰৰ ঐতিহাসিক সম্পদ, সাহিত্য, শিল্প, আৰু দেশৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ পুৰুষ সকলৰ প্ৰতিকপট, গীত, নৃত্য, ভাওনা প্ৰদৰ্শন আদিৰে মুখৰিত হৈ পৰে। মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থী সকলে উলিওৱা এই আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়খনৰ পৰা আৰম্ভ কৰি তেজপুৰ চহৰৰ একাংশ পৰিক্ৰমণ কৰাৰ কালত ৰাইজ মুগ্ধ হৈ পৰা দেখা যায়। অহা ১৬ ফেব্ৰুৱাৰীলৈকে চলিব লগা মহাবিদ্যালয় সপ্তাহৰ প্ৰসংগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰি ক’ভিড পৰিস্থিতিৰ বাবে তিনিবছৰৰ পিছত এইবাৰ অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ কাৰ্যক্ৰমণিকাত শিক্ষাৰ্থী সকলৰ ক্ৰীড়া প্ৰতিভাৰ পৰা সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত থকা প্ৰতিভাৰ সন্ধানৰ বাবে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু ১৬ ফেব্ৰুৱাৰীৰ মূল সভাত ইয়াৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি জনায়। সেইদৰে কালিৰ পৰা আকৌ একেধৰণৰে আৰম্ভ হৈছে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ ।কালি প্ৰথম দিনটোত কন্যা মহাবিদ্যালয়ৰ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাইও ৰাইজক মুগ্ধ কৰা পৰিলক্ষিত হয়। তত্বাৱধায়ক সীমান্ত হাজৰিকা আৰু ৰণজিৎ কুমাৰ ডেকাৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক সকলৰ তত্বাৱধানত মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰী সকলে নিজা নিজা বিষয়বস্তুৰে উলিওৱা এই আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট শিক্ষাবিদ ড০ চাৰু চহৰীয়া নাথ আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে। সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমীয়া বিভাগে, দ্বিতীয় স্থান লাভ কৰে অৰ্থনীতি বিজ্ঞান আৰু ভূগোল বিজ্ঞান বিভাগে আৰু তৃতীয় স্থান লাভ কৰে এন এছ এছ আৰু ইংৰাজী বিভাগে।
