দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহ উপাধ্যক্ষ উপস্থিত 

0 25
শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আচঁনি সমূহৰ বিষয়ে সভা খনত বিস্তৃতভাৱে আলোচনা কৰা হয় । মংগলদৈৰ সাংসদ দিলীপ শইকীয়াও সভাখনত উপস্থিত থাকে । উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ অধীনত জিলা সমূহৰ মাজত প্রতিযোগিতামূলক ভাৱৰ জৰিয়তে ৫ টা অর্থ-সামাজিক ক্ষেত্ৰত যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অর্ন্তভুক্তি আৰু কৌশল বিকাশ, আন্তঃগাঁথনিৰ ৪৯ টা মূল প্রদর্শন সূচাংকৰ (Key Performance Indicator) ডেল্টা ৰেংকিংত উন্নয়ন সাধন কৰিবলৈ পদক্ষেপ গ্রহণ কৰে। বিভিন্ন শিতানত দৰং জিলাই সাধন কৰিবলৈ সক্ষম হোৱা উন্নয়নৰ প্রশংসা কৰি সহ উপাধ্যক্ষ গৰাকীয়ে কয় যে জিলাখনক দেশৰ ভিতৰতে এক উন্নত জিলা হিচাপে পৰিগণিত কৰিবৰ বাবে জিলা প্রশাসন আৰু সকলো বিভাগে উন্নয়নমূলক আচঁনি সমূহক তৰান্বিত গতিৰে ৰূপায়ণ কৰিব লাগিব। আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ’ব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ প্রদর্শনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নির্দেশ প্রদান কৰে। আজিৰ সভাখনত দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.