দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ

0 8
শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট চিকিৎসালয়ৰ জিলা প্ৰশাসনে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই তেওঁৰ ভাষনত কয় যে অসম তথা দৰং জিলাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই চিকিৎসালয় কেইখনে এক নতুন যুগৰ সূচনা কৰিব। তেওঁ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দিনত অসমৰ স্বাস্থ্য খণ্ডৰ দ্ৰুত উন্নয়নৰ কথা উল্লেখ কৰে। অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত আদিৰ দৰে আচঁনিৰ ফলত দৰিদ্ৰ আৰু আৰ্তসকলে লাভ কৰা গুণগত স্বাস্থ্য সেৱাৰ বিষয়ে তেওঁ অৱগত কৰে । দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মংগলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দলগাওঁ বিধায়ক মজিবুৰ ৰহমান, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা কালি সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে কৰ্কট চিকিৎসালয় চৌহদত প্ৰজ্বলিত কৰা হয় ১০০০ গজ মাটিৰ চাকি। অসমত কৰ্কট চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা পদক্ষেপৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে এই ১০০০ গজ চাকি প্ৰজ্বলন কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.