দৰঙত কেঞ্চাৰ হাস্পতাল স্থাপনে আশাৰ বতৰা কঢ়িয়ালে বহু সৰ্বস্বান্ত পৰিয়াললৈ
দৰং জিলাত ভয়াৱহ ৰূপত কেঞ্চাৰ
শতাব্দ প্ৰতিনিধি, মঙলদৈ ২৮ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে দৰং জিলাতো ভয়াৱহ ৰূপ লৈছে কৰ্কট ৰোগে। এই ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিগত দুই তিনি বছৰত জিলাখনত হেজাৰোধিক লোকৰ মৃত্যু হোৱাৰ খবৰে ইয়াৰ ভয়াবহতাকে প্ৰতিপন্ন কৰিছে। এই মাৰাত্মক কৰ্কট বেমাৰৰ ফলত বহু ঘৰ, বহু পৰিয়াল নিঃশেষ হোৱাৰ উপক্ৰম হৈছে দৰং জিলাৰ প্ৰায়বোৰ অঞ্চলতে। জিলাখনৰ পাতিদৰং, ছিপাঝাৰ, দলংঘাট, ৰঙামাটি, কলাইগাঁও আদি অঞ্চলত ই ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানকৈ খাদ্যনলী, যকৃত, পাকস্থলী, মুখগহ্বৰ, তেজৰ কৰ্কট ৰোগৰ লগতে মহিলাসকলৰ স্তন আৰু জৰায়ু কৰ্কট ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি হোৱা দেখা গৈছে। বিভিন্ন তথ্যত পোৱা মতে দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। দৰং জিলাত কোনো চৰকাৰী সমীক্ষা চলোৱা নাই যদিও গাঁৱে গাঁৱে ৰোগীৰ সংখ্যালৈ চালেই ইয়াৰ পৰিমাণ অধিক হোৱাৰ শংকা হয়। উল্লেখযোগ্য যে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ হাতত ইয়াৰ তথ্য থাকিব লাগে যদিও বাতৰি লিখা সময়লৈকে তেওঁলোকে সবিশেষ তথ্য দিবলৈ সক্ষম হোৱা নাই, বিষয়া গৰাকীৰ হেমাহি পৰিলক্ষিত হৈছে বিয়াগোম বিভাগটোৰ। যিটো সময়ত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখনকে ভৰসা কৰাৰ বিপৰীতে একাংশই এই ৰোগৰ ভয়াবহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই, দিল্লী, চেন্নাই আদি অঞ্চললৈ ৰাওনা হৈছে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমত ৭ খনকৈ কেঞ্চাৰ হাস্পতাল লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰে এখন দৰং জিলাও লাভ কৰাত সমগ্র জিলাবাসীৰ বাবে ভাল খবৰ। ইয়াৰ ফলত বহু আৰ্থিক ভাৱে দুৰ্বল কৰ্কট ৰোগাক্ৰান্ত পৰিয়ালে সকাহ লাভ কৰিবলৈ সক্ষম হব। প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ পৰা অন্য ৬ খন হাস্পতালৰ লগতে আজিৰ দিনটোতে দৰঙৰ এই কেঞ্চাৰ হাস্পতালখন উদ্বোধন কৰাৰ খবৰে সকলোকে আনন্দিত কৰিছে। উল্লেখযোগ্য যে বহুলোকে জীয়াই থকাৰ তাড়নাত ঘৰৰ ভেটি-মাটি সকলো বিক্ৰী কৰি চাকৰিৰ সাঁচতীয়া ধন শেষ কৰি উন্নত চিকিৎসাৰ বাবে ঢাপলি মেলিব লগীয়াও হৈছিল।